ETV Bharat / state

ডিব্ৰুগড়ৰ নাহৰসাঁকো গাঁৱলৈ আদৰ্শ গাঁৱৰ সন্মান

ডিব্ৰুগড়ৰ চিৰিংহোলা পঞ্চায়তৰ নাহঁৰসাকো গাঁও আদৰ্শ গাঁৱৰ সন্মান লাভ ৷ চৰকাৰৰ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত এই গাঁওখন নিৰ্বাচিত কৰা হৈছে ৷ ইতিমধ্যে প্ৰাৰম্ভিক আন্তঃগাঁঠনি উন্নয়নৰ বাবে 50 লাখ টকা আৱন্টন দিয়া হৈছে ৷

Naharsaku gaon of Dibrugarh achieved Model gaon award

author img

By

Published : Dec 5, 2020, 6:49 PM IST

মৰাণ, 5 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰিংহোলা পঞ্চায়তৰ নাহৰসাঁকো গাঁৱে লাভ কৰিছে আদৰ্শ গাঁৱৰ সন্মান ৷ গাঁওখনে এই সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী । মাজবাম প্ৰাথমিক বিদ্যালয়ত লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱাই এখন সভাত চিৰিংহোলা পঞ্চায়তৰ নাহৰসাঁকো গাঁওক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰে । চৰকাৰৰ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত এই গাঁওখন নিৰ্বাচিত কৰা হৈছে ৷ ইতিমধ্যে প্ৰাৰম্ভিক আন্তঃগাঁঠনি উন্নয়নৰ বাবে 50 লাখ টকা আৱন্টন দিয়া হৈছে ৷

ডিব্ৰুগড়ৰ নাহৰ সাঁকো গাঁৱলৈ আদৰ্শ গাঁৱৰ সন্মান

সভাত লাহোৱাল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়াই আদৰ্শ গাঁৱৰ মানদণ্ড সম্পৰ্ক বিৱৰি কয় । সভাত গাঁৱৰ চৰকাৰী গাঁওবুঢ়াৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । কৃষিপ্ৰধান গাঁওখনে আদৰ্শ গাঁৱৰ সন্মান লাভ কৰাত কৃষক ৰাইজৰ বাবে হৈ পৰিছে প্ৰেৰণাদায়ক কথা ।
লগতে পঢ়ক : ঢলাইত উন্নয়নৰ পৰা বঞ্চিত ৰিয়াং জনগোষ্ঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.