মৰাণ, 25 মে' : নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)এ সংগঠনটোত যোগদান কৰা দুজন যুৱকক চোৰাংচোৱাগিৰিৰ অভিযোগত মৃত্যুদণ্ড বিহাৰ (ULFA I killed alleged spy in camp) সময়তো ৰাজ্যত অব্যাহত আছে এচাম যুৱক-যুৱতীৰ ধাৰাবাহিক আলফা গমন প্ৰক্ৰিয়া ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা(স্বাধীন) শক্তিশালী কৰাৰ স্বাৰ্থতে সংগঠনটোৱে অব্য়াহত ৰাখিছে সদস্য ভৰ্তি অভিযান ৷ অসমৰ অন্যান্য জিলাৰ আন একাংশৰ দৰেই নাহৰকটীয়াৰ জয়পুৰৰ এজন যুৱক আলফালৈ ধাৱমান হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে(A youth of Naharkatia allegedly joined in ULFA) ।
উল্লেখযোগ্য যে, নাহৰকটীয়া জয়পুৰৰ শিঙিমাৰী কপৌহুৱা গাঁৱৰ যুৱক পংকজ গগৈয়ে ২৩ মে'ৰ দিনা চৰাইদেউ জিলাৰ সাপেখাটিত থকা ভনীয়েকৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যায় আৰু তাৰ পিছৰে পৰা কোনো ধৰণৰ শুংসূত্ৰ নাই যুৱকজনৰ ।
ইফালে, পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে যুৱকজনৰ সন্ধান বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই । ঘৰৰ সন্মুখতে গেলামালৰ দোকান দি পৰিয়াল পোহপাল দিয়া পংকজ গগৈয়ে যদিহে আলফা (স্বাধীন)ত যোগদান কৰিছে তেন্তে তেওঁক সেই পথ ত্যাগ কৰি পুনক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে পত্নী আৰু পুত্ৰই ।
লগতে পঢ়ক : ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য