ডিব্ৰুগড়, 31 জুলাইঃ নাহৰকটীয়াৰ অগপৰ এগৰাকী নিষ্ঠাৱান কৰ্মীৰ মৃত্যুৰ পাচত তেওঁৰ খেতি পথাৰত ভুঁই ৰুই নেতা গৰাকীৰ পৰিয়ালক কৃষিকাৰ্যত সহায় কৰি দিছে নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে ৷
উল্লেখ্য যে,চলিত মাহতে মৃত্যু হৈছিল চাচনি মৌজাৰ আমগুৰি পঞ্চায়তৰ অসম গণ পৰিষদ দলৰ এজন নিষ্ঠাৱান কৰ্মী পুৰন্দৰ বৰুৱা ৷ তাৰ পাচত মৃত নেতা গৰাকীৰ পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে গাঁৱৰ ৰাইজে পুৰন্দৰ বৰুৱাৰ ভূমিত কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি আহে ৷ গাঁওবাসীৰ ভুঁই ৰোৱা কাৰ্যত সহযোগ কৰে অসম গণ পৰিষদৰ আন আঞ্চলিক নেতাৰ লগতে বিধায়ক নৰেন সোণোৱালেও ৷
উল্লেখ্য যে,প্ৰয়াত পুৰন্দৰ বৰুৱাই নাহৰকটীয়া সমষ্টিৰ বৃহৎ কৃষিভিত্তিক মৌজা চাচনীৰ আমগুৰি আঞ্চলিক সমিতিৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷
লগতে পঢ়কঃ ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহলট শিবিৰৰ বিধায়কক