ETV Bharat / state

নাহৰকটীয়াত উন্মোচনৰ পূৰ্বেই খহিল বজাৰ গৃহৰ পকী দেৱাল

২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুদান আঁ‌চনিৰ অধীনত কংগ্ৰেছ চৰকাৰৰ নগৰ উন্নয়ন আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী অজন্তা নেও‌গে স্থানীয় বিধায়িকা তথা ৰেচম,হস্ততাঁত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰণতি ফুকনৰ উপস্থিতিত নাহৰকটীয়া হজোৱা পথাৰত বজাৰ গৃহ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ।

NAHARKATIA MARKET BOUNDARY WALL
নাহৰকটীয়াত উন্মোচনৰ পূৰ্বেই খহিল বজাৰ গৃহৰ পকী দেৱাল
author img

By

Published : Jul 6, 2020, 8:50 AM IST

ডিব্ৰুগড়, 6 জুলাই : নাহৰকটীয়াত উন্মোচনৰ পূৰ্বেই খহিল বজাৰ গৃহৰ চাৰিসীমাৰ পকী দেৱাল ৷ একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ জৰিয়তে ৰাজহুৱা ধনৰ শৰাধ পতাত ব্যস্ত অসম চৰকাৰ ৷ ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুদান আঁ‌চনিৰ অধীনত কংগ্ৰেছ চৰকাৰৰ নগৰ উন্নয়ন আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী অজন্তা নেওঁ‌গে স্থানীয় বিধায়িকা তথা ৰেচম, হস্ততাঁত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰণতি ফুকনৰ উপস্থিতিত নাহৰকটীয়া হজোৱা পথাৰত এটি বজাৰ গৃহ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু উন্মোচনৰ পূৰ্বেই খহি পৰিল বজাৰ গৃহৰ সীমাৰ পকী দেৱাল ।

নাহৰকটীয়াত উন্মোচনৰ পূৰ্বেই খহিল বজাৰ গৃহৰ পকী দেৱাল

কংগ্ৰেছ চৰকাৰ ক্ষমতাত থকাৰ দিনৰ পৰাই নিৰ্মাণ কাৰ্য চলি থকা বজাৰগৃহটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত বিগত ২০১৯ চনতেই সম্পূৰ্ণ হৈ উঠিল । কিন্তু উন্মোচনৰ পূৰ্বেই দেৱালৰ কাষত থকা এটা নলাৰ পানীৰ হেঁচাতেই খহি পৰিল দেৱালখন । অভিযোগ অনুসৰি দুজন দুৰ্নীতিগ্ৰস্ত অনা অসমীয়া ঠিকাদাৰ জনৈক পাপ্পু আগৰৱালা আৰু বকুল চহৰীয়া উপাধিৰ লোকৰ নেতৃত্বত এই বজাৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল যদিও ৰহস্যজনকভাৱে ইমান কম সময়তে পকী দেৱালখন বৰষুণৰ পানীৰ প্ৰকোপত এনেদৰে খহি পৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় সচেতন ৰাইজ ।

নাহৰকটীয়া তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহু নিবনুৱাৰ সংস্থাপনৰ সম্ভাৱনা থকা এই বজাৰ গৃহটোৰ এই পুতৌ লগা অৱস্থাত ক্ষোভ প্ৰকাশ কৰি টাই আহোম যুৱ পৰিষদ নাহৰকটীয়া মহকুমা সমিতিৰ সভাপতি অনন্ত ফুকনে কয় যে, ২০০৪ চনতেই বজাৰ গৃহটো নিৰ্মাণৰ প্ৰস্তাৱ লোৱাৰ পাছত মন্ত্ৰী অজন্তা নেওগৰ দিনত ২০১৪ চনত আধাৰশিলা স্থাপন কৰা হ'ল যদিও ২০২০ চন পৰ্যন্ত চৰকাৰ সলনি হোৱাৰ লগতে এক বৃহৎ অংকৰ ৰাজহুৱা ধনৰ অপচয় হৈছে । তেওঁ কয় যে লগতে,দেৱালখন অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ বাবেই এজাক সাধাৰণ বৰষুণতেই খহি পৰিল ৷ ইয়াৰ পৰা বুজা যায় যে চৰকাৰে এচাম দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ জৰিয়তে নিৰ্মাণকাৰ্য চলাই ৰাজহুৱা ধনৰ শৰাধ পাতি ঢাক-ঢোল বজাই মানুহক শোষণ কৰাৰ এখন জালহে পাতিছে । এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা নকৰি প্ৰকৃত পক্ষত উন্নয়ন কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে অনন্ত ফুকনে ৷

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাহৰকটীয়া মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি সুৰজ ৰংছোৱালে ক্ষোভ প্ৰকাশ কৰি কয় যে, এই দেৱাল নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহৰ ক্ষেত্ৰভিত্তিক উন্নত পৰীক্ষণ হ'ব লাগে । তেওঁ লগতে কয় যে, জাতি মাটি ভেটিৰ কথা কৈ শাসনভাৰ লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বজাৰখন অনতিপলমে মুকলি কৰি নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব বুলি ভাবিছিলো যদিও কালক্ৰমত সেয়া হৈ নুঠিল । চৰকাৰে উচিত সিদ্ধান্ত শীঘ্ৰে গ্ৰহণ কৰক অন্যথা ৰাজহুৱা ধনৰ অপচয় হোৱাতো সদৌ টাই আহোম ছাত্ৰ সন্থাই সহজভাৱে গ্ৰহণ নকৰিব ।

লগতে পঢ়ক : ২৭ বছৰে প্ৰাদেশীকৰণ নহ'ল চাচনী কনিষ্ঠ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.