ETV Bharat / state

নাহৰকটীয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত পথত ভুঁই ৰুই প্ৰতিবাদ - উন্নয়নৰ শ্লগান

ব্ৰহ্মপুত্ৰৰ পানীৰ তলেদি সুৰংগ পথ নিৰ্মাণৰ কথা কোৱা চৰকাৰ খন তথা মূখ্যমন্ত্ৰীজনৰ গৃহ জিলাতে এনে পথ থকাটো একপ্ৰকাৰ দুৰ্ভাগ্যজনক আখ্যা দিয়ে আছুৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে ৷

naharkatia-assu-protest
নাহৰকটীয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত পথত ভুঁই ৰুই প্ৰতিবাদ
author img

By

Published : Aug 20, 2020, 1:01 PM IST

নাহৰকটীয়া, 20 আগষ্ট : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰথমটো কাৰ্যকালৰ অন্ত পৰিব লোৱা সময়লৈকে উন্ময়নৰ ছাঁটোকো দেখিবলৈ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে নাহৰকটীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ৷ যাৰ ফলত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে তেওঁৰ গৃহ জিলাৰ নাহৰকটীয়া সমষ্টিৰ কেন্দুগুৰি পঞ্চায়তৰ ৰাইজে ৷

নাহৰকটীয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত পথত ভুঁই ৰুই প্ৰতিবাদ

উল্লেখ্য যে. পঞ্চায়তটোৰ ১০ নং ৱাৰ্ডৰ শিঙিমাৰি কপহুৱা গাওঁৰ জৰাজীৰ্ণ পথটোৰে পথাৰ সদৃশ বোকা ফেনেকী নিতৌ যাতায়ত কৰিব লগা হয় গাওঁবাসীয়ে ৷ ১৫ বছৰৰো অধিক কাল জৰাজীৰ্ণ অৱস্থাত পৰি ৰোৱা পথটোত বাৰিষা কালত পথাৰ সদৃশ বোকাৰ সৃষ্টি হয়, যাৰ পৰিণতিত পথটোৰে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে গাওঁবাসী ৷ যমৰ যাতনা ভূগি অহা গাওবাসীয়ে বিভিন্ন সময়ত পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰক আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে পথটো নিৰ্মাণ অথবা মেৰামতি ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত গাওবাসীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত ৰাস্তাৰ মাজত ভূই ৰুই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

মন কৰিবলগীয়া যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাতে পৰি ৰোৱা বোকাময় পথটোৰ বাবে বিভিন্ন সময়ত গাঁৱৰ ডেকা জীয়ৰিসকলৰ বিয়া-বাৰুৰ ক্ষেত্ৰটো সমস্যাৰ সন্মুখীন হৈ আহিছে উক্ত গাওঁখনৰ লোকসকল ৷ ইফালে ব্ৰহ্মপুত্ৰ পানীৰ তলেদি সুৰংগ পথ নিৰ্মাণৰ কথা কোৱা চৰকাৰ তথা মুখ্যমন্ত্ৰীজনৰ গৃহ জিলাতে এনে পথ থকাটো একপ্ৰকাৰ দুৰ্ভাগ্যজনক আখ্যা দিয়ে আছুৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে ৷

লগতে পঢ়ক : আগ্ৰা বাছ হাইজেক: আৰক্ষীৰ জিম্মাত মুখ্য অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.