নাহৰকটীয়া,16 মাৰ্চ: নাহৰকটীয়াত মঙলবাৰে মুকলি কৰা হয় অসম গণ পৰিষদ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় । দলীয় কৰ্মীৰ লগতে প্ৰায় তিনি শতাধিক ৰাইজৰ উপস্থিতিত নাহৰকটীয়াৰ সাপ্তাহিক বজাৰ তিনিআলিত এই কাৰ্যালয়টো মুকলি কৰা হয় ৷
কাৰ্যালয়টো মুকলি কৰে নাহৰকটীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী নৰেন সোণোৱালে । ইফালে, কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অসম জাতীয় পৰিষদৰ তিনিগৰাকী কৰ্মীয়ে অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷