নাহৰকটীয়াত,24 মাৰ্চ: সম্ভাৱ্য লকডাউনৰ সুযোগলৈ নাহৰকটীয়াত একাংশ ব্যৱসায়ীয়ে জধে-মধে বস্তু-বাহিনীৰ দাম বৃদ্ধি কৰাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে পৰিস্থিতিৰ সুযোগলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহা হ’ব বুলি ৷ জিলাৰ উপায়ুক্তই নিৰ্দেশনা জাৰি কৰাৰ পাছতো জিলাখনৰ অন্তৰ্গত নাহৰকটীয়াত অসাধু ব্যৱসায়ী চক্ৰৰ দৌৰাত্ম্যই আজি চৰম সীমা অতিক্ৰম কৰে ৷ অভিযোগ অনুসৰি স্থানীয় জামা মছজিদৰ সমীপৰ নৰেন বাজুৰিয়া নামৰ পাইকাৰী বিক্ৰেতাজনে দেওবাৰলৈকে ১৯শ টকা কুইন্টলত বিক্ৰি কৰি থকা পিয়াঁজ সোমবাৰে ৬শ টকা অধিক হাৰত বিক্ৰী কৰে ৷ একেদৰে মাত্ৰ কেইঘন্টামান পূৰ্বে কুইন্টলত ১৩শ টকা দৰত বিক্ৰি হোৱা আলু ব্যৱসায়ীজনে আজি ১৭শ টকা দৰত বিক্ৰী কৰা বুলি জানিব পৰা গৈছে ৷
একেগৰাকী ব্যৱসায়ীয়ে বিগত "কা" আন্দোলনকালীন পৰিস্থিতিত সান্ধ্য আইন জাৰি কৰাৰ ক্ষণতো একে পন্থাৰে নিশাটোৰ ভিতৰতে মুনাফা লুটাৰ অভিযোগ উঠিছিল ৷ অৱশ্যে পাইকাৰী ব্যৱসায়ীজনৰ লগতে অন্যান্য অসাধু ব্যৱসায়ী সকলৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ নাহৰকটীয়া প্ৰশাসনে বজাৰত উপস্থিত হৈছিলগৈ যদিও কি ব্যৱস্থা গ্ৰহণ কৰিল সেয়া জানিব পৰা হোৱা নাই ৷ আনহাতে পৰিস্থিতিৰ সুযোগ বুজি স্থানীয় দৈনিক বজাৰতো মাছৰ বেপাৰীয়ে চালানী মাছ পূৰ্বৰ ৪ শ টকাৰ ঠাইত সোমবাৰে ৬ শ টকাকৈ বিক্ৰী কৰা পৰিলক্ষিত হয় ৷ কৰ'ণা ভাইৰাছৰ আশংকাৰ সমান্তৰালভাৱে বজাৰত সাধাৰণ শ্ৰেণীৰ গ্ৰাহকক এনেকৈ লুণ্ঠন চলোৱাৰ বিৰুদ্ধে ৰাইজে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
লগতে পঢক : ৰাজপথত এয়া কিহৰ বিজয়উল্লাস !