ETV Bharat / state

আমি বহু সময়লৈ দিশহাৰা হৈ থাকিম : ড৹ নগেন শইকীয়া

হোমেন বৰগোহাঞিৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ তেখেতে কয় যে, "নতুন প্ৰতিভাৰ আবিষ্কাৰত তেখেতৰ বৰঙণি অপৰিসীম । এই সকলৰ মাজৰ পৰাই ওলাই আহক, যি সকলে অসমক তেখেতৰ ইচ্ছাৰ বাটেৰে গৈ সমৃদ্ধ কৰি তুলিবলৈ সমৰ্থ হ'ব" ৷

author img

By

Published : May 12, 2021, 2:24 PM IST

nagen_saikia's_reaction_on_homen_borgohain's_death

ডিব্ৰুগড়, 12 মে’ : ‘‘মোৰ ভাব হৈছে আমি যেন বহু সময়লৈ দিশহাৰা হৈ থাকিম । আমাক যেন সকিয়াই দিবলৈ,উচিত সময়ত বাট দেখুৱাবলৈ দ্বিতীয়জন মানুহ সোনকালে ওলাই নাহিব।’’ হোমেন বৰগোহাঞিৰ মৃত্যু বাৰ্তাত শোকস্তব্ধ হৈ এই প্ৰতিক্ৰিয়া আগবঢ়াইছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই ৷ হোমেন বৰগোহাঞিৰ আদৰ্শ আৰু অনুপ্ৰৰণাৰে উদ্বুৰ্ধ নতুন দিক্দ্ৰস্তাক আগবাঢ়ি আহিবলৈ আহ্বান জনায় সাহিত্যিক গৰাকীয়ে ৷ তেখেতে কয় যে, "নতুন প্ৰতিভাৰ আবিষ্কাৰত তেখেতৰ বৰঙণি অপৰিসীম । এই সকলৰ মাজৰ পৰাই ওলাই আহক, যি সকলে অসমক তেখেতৰ ইচ্ছাৰ বাটেৰে গৈ সমৃদ্ধ কৰি তুলিবলৈ সমৰ্থ হ'ব" ৷

ড৹ নগেন শইকীয়াৰ প্ৰতিক্ৰিয়া

ড৹ শইকীয়াই লগতে কয় যে, ‘‘সাম্প্ৰতিক কালত অসমৰ আটাইতকৈ দিগ্গজ পুৰুষজন আছিল বোধকৰো হোমেন বৰগোহাঞি । তেওঁৰ জ্ঞানৰ পৰিসৰ, চিন্তাৰ উচ্চতা এই সকলোৱে সাম্প্ৰতিক সময়ছোৱাৰ আটাইতকৈ ওখ ব্যক্তিজনলৈ ৰূপান্তৰিত কৰিছিল । আজি এইগৰাকী ব্যক্তি আমাৰ মাজত নাই । সাহিত্য সমৃদ্ধ কৰিব পৰাকৈ নতুন চিন্তাই তেওঁক
অনুপ্ৰাণিত কৰি আহিছিল’’ । তেওঁৰ সৈতে সান্নিধ্য আৰু তেওঁৰ সৃষ্টি ৰাজিক সুঁৱৰি গভীৰ শ্ৰদ্ধা নিবেদিলে ড৹ নগেন শয়কীয়াই ।

লগতে পঢ়ক- হোমেন বৰগোহাঞিৰ মৃত্যুত মৰাণ শাখা সাহিত্য সভাৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.