ETV Bharat / state

Murder case in Dibrugarh: পেটত কটাৰী সুমুৱাই সহকৰ্মীয়ে হত্যা কৰিলে ৰাহুলক - crime news in assam

ডিব্ৰুগড় চহৰৰ গ্ৰেহেমবজাৰৰ আস্থা চিকিৎসালয়ৰ সমীপত ভয়ংকৰ ঘটনা ৷ গ্ৰেহেমবজাৰৰ আস্থা চিকিৎসালয়ৰ সমীপৰ এখন হোটেলত নৱমীৰ নিশা হোটেলৰ ৰান্ধনী মৃণাল ঠাকুৰীয়াই ৰান্ধনি শালত ব্যৱহৃত কটাৰী এখন ৰাহুলৰ পেটত সুমুৱাই দিয়ে।

Murder case in Dibrugarh
পেটত কটাৰী সুমুৱাই সহকৰ্মীয়ে হত্যা কৰিলে ৰাহুলক
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 1:53 PM IST

পেটত কটাৰী সুমুৱাই সহকৰ্মীয়ে হত্যা কৰিলে ৰাহুলক

মৰাণ, 26 অক্টোবৰ : পূজাৰ উলহ মালহৰ মাজতে ডিব্ৰুগড় জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ ডিব্ৰুগড় চহৰৰ গ্ৰেহেমবজাৰৰ আস্থা চিকিৎসালয়ৰ সমীপৰ হোটেলত এজন যুৱকক চোকা অস্ত্রৰে আক্ৰমণ কৰাৰ পাচত চিকিৎসাধীন অৱস্থাত বুধবাৰে নিশা ৰাহুল ৰায় নামৰ যুৱকজনৰ মৃত্যু হয় ৷ এই ঘটনাৰ পিচতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বৃদ্ধ পিতৃ-মাতৃৰ ভৰণ পোষণ দিবলৈ কাম কৰিবলৈ ডিব্ৰুগড়লৈ ওলাই আহিছিল ৰাহুল ৰায় নামৰ যুৱকজন । তাৰ পিচতে এখন হোটেলত যোগদান কৰি ৰাহুলে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ কিন্তু দুৰ্গা পূজাৰ ব্যস্ততাৰ মাজতে সহকৰ্মীৰ আক্ৰমণত আহত হৈ বুধবাৰে প্ৰাণ হেৰুৱালে ৰাহুল ৰায়ে ।

ঘটনাব বিৱৰণী অনুসৰি, কিছুদিন পূৰ্বে ডিব্ৰুগড় চহৰৰ গ্ৰেহেমবজাৰৰ আস্থা চিকিৎসালয়ৰ সমীপৰ এখন হোটেলত সহায়ক হিচাপে কামত নিয়োজিত হৈছিল ৰাহুল ৷ যোৱা নৱমীৰ নিশা হোটেলৰ ৰান্ধনী মৃণাল ঠাকুৰীয়াৰে কাজিয়াৰ সূত্রপাত হয় ৰাহুলৰ ৷ এনে সময়তে মৃণালে ৰান্ধনি শালত ব্যৱহৃত কটাৰী এখন ৰাহুলৰ পেটত সুমুৱাই দিয়ে । লগে লগে ৰাহুলক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বুধবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত ৰাহুলৰ মৃত্যু হয়।

ইফালে ৰাহুলৰ মৃত্যুৰ পাচতেই মৃণালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে নিশাই গোচৰ তৰিছে পৰিয়ালৰ লোকে । এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পলাতক মৃণালক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ যদিও এই মূহুৰ্তলৈকে আৰক্ষীয়ে অভিযুক্ত মৃণালক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে বুধবাৰে নিশা একাংশ সাংবাদিকে এই বাতৰি সংগ্রহ কৰিবলৈ ডিব্ৰুগড় সদৰ থানাত প্ৰৱেশ কৰিবলৈ লওঁতেই হোটেলখনৰ স্বত্বাধিকাৰী পক্ষৰ একাংশই বাতৰি সংগ্ৰহত বাধা আৰোপ কৰে। কিয়নো ঘটনা সংঘটিত হোৱাৰ পাচতো এই ঘটনাক গাপ দি ৰাখিবলৈ চেষ্টা কৰিছিল হোটেল কৰ্তৃপক্ষই। এতিয়া ৰাহুলৰ মৃত্যুৰ পাচতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে। আনহাতে বুধবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে হোটেলৰ স্বত্বাধিকাৰীগৰাকীক জেৰা চলাইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Fire at Bihpuria : বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড; ছাই হ’ল 4 খন ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.