মৰাণ,1 মে’: বীৰাংগনা মূলাগাভৰু অসমৰ ইতিসাহৰ এক সোণোৱালী অধ্যায় । যাক লৈ আমি গৌৰব কৰো, আমাৰ উৎসাহ, প্ৰেৰণা আৰু অসমীয়া সমাজত নাৰীৰ এক সাহসী চৰিত্ৰ । অসমৰ প্ৰতিজন অসমীয়া ৰাইজে আৰু জাতীয় সংগঠনসমূহে প্ৰতি বছৰে বীৰাংগনা মূলাগাভৰুক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে সুঁৱৰি আহিছে ৷ এইবাৰ ক'ভিডৰ ভয়াৱহতাৰ বাবে ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস ।
শুকুৰবাৰে মৰাণতো টাই আহোম যুৱ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণৰ ট্ৰেফিক পইণ্টৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিয়ে বীৰাংগনা মূলাগাভৰুৰ স্মৃতি দিৱস পালন কৰে । কাৰণ ক'ভিডৰ ভয়াৱহতাৰ বাবে কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই মৰাণৰ ৰাইজে । অনুষ্ঠানত টাইপা মৰাণ আঞ্চলিক বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বও উপস্থিত আছিল ।
লগতে পঢ়ক: ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ