মৰাণ, 15 এপ্ৰিল: গৰু বিহুৰ দিনাই মৰাণৰ তিলৈত অনুষ্ঠিত হ'ল মুকলি বিহু ৷ বাপতিসাহোন হেঁপাহৰ বিহুটিক লৈ উৎসৱ মুখৰ হৈ পৰিছে চৌদিশ। ঢোল-পেঁপাৰ মাতত মতলীয়া হৈ পৰিছে সকলো। গৰু বিহুৰ দিনাই মুকলি বিহু আয়োজনেৰে বিহু উদযাপন কৰিছে।
তিলৈ হাইস্কুল খেলপথাৰত বিহু আদৰণি আৰু আশীৰ্বাদ গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে হেঁপাহৰ বিহুটিক আদৰণি জনাইছে। তিলৈ জ্যোতিৰ্ময় যুৱ মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত এই মুকলি বিহুত মৰাণ সমন্বয় ছোৱালী হুঁচৰি দল আৰু খোৱাং বুঢ়ীদিহিং হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক: পহিলা বহাগত ৰঙিয়াৰ তেল ডিপুলৈ আহি আচৰিত হ’ল গ্ৰাহক