মৰাণ, ৯ এপ্ৰিল: ৰাজ্যজুৰি প্ৰস্তুতি চলিছে ব’হাগ বিহুটিক আনন্দ উছাহৰ মাজেৰে আদৰি অনাৰ । প্ৰকৃতিৰ জীপাল পৰিৱেশৰ মাজত ঢোল পেঁপাৰ মাতেৰে ৰজনজনাই গৈছে ৰাজ্যৰ উজনি-নামনি । বিগত বৰ্ষত মহামাৰীৰ বাবে আধৰুৱা হৈ ৰৈছিল ৰঙালী বিহুটি । কিন্তু এইবাৰ সকলোৱে পূৰ্ণ গতিত ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া সকলোৱে আগবাঢ়ি যোৱাৰ লগে লগে ডিব্ৰুগড় চহৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত দেখা গৈছে পূৰ্ৱৰ দৰে মুকলি বিহুৰ দৃশ্য । যাৰ জৰিয়তে হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে ডেকা গাভৰুসকলে ।
ৰাজ্যৰ জনপ্ৰিয় বিহুৱা জিতেন দাসৰ গুৰুত্বপূৰ্ণ ভূমিকাত বিগত কেইবা বছৰৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এইদৰেই ৰঙালীক আদৰাৰ প্ৰাকক্ষণত অনুষ্ঠিত হৈ আহিছে মুকলি বিহু । মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ঝাও বানৰ মাজত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত মুখৰিত হৈ উঠিল এনেদৰে ডিব্ৰুগড়ত ৰঙালীৰ ৰঙৰ সমাহাৰ ।
লগতে পঢ়ক: ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান