নাহৰকটীয়া,8 জুন: নাহৰকটীয়াবাসীক শোকবিহ্বল কৰি চিৰবিদায় মাগিলে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী মৃণালিনী বৰগোঁহাইয়ে । নাহৰকটীয়াৰ গেঁঠুপথাৰস্থিত ঘৰত থকাৰ সময়তে সোমবাৰে নিশা হঠাতে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে । ততাতৈয়াকৈ তেওঁক পৰিয়ালৰ লোকে দুলীয়াজানস্থিত অইলৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।
কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে টিংৰাই চাৰিআলিৰ সমীপত নিশা প্ৰায় ১২.১০ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ এনে আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নাহৰকটীয়া অঞ্চলক । উল্লেখ্য যে, ১৯৬০ চনৰ ১৩ মাৰ্চত শিৱসাগৰৰ বেতবাৰী বোকাবিল গাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীয়ে ১৯৮৫ চনত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি সকলো ছাত্ৰ-ছাত্ৰীৰে প্ৰিয় হৈ পৰিছিল ।
![MRINALINI BARGOHAIN PASSED AWAY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-nhk-801-nahakatiateachersdeath-asc10077_07062021185710_0706f_1623072430_1054.jpg)
বিবাহসূত্ৰে নাহৰকটীয়া গেঁঠুপথাৰৰ বাসিন্দা প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰে । শিক্ষকতা বৃত্তিৰ উপৰিও এগৰাকী সু-সাহিত্যিক, কবিৰূপে তেওঁ পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল । মৃণালিনী বৰগোঁহাই নাহৰকটীয়া লেখিকা সন্থা, কবি সন্মিলন আদিৰ সৈতে জড়িত হৈ আছিল ।
নিজৰ জীৱন কালত তেওঁ বহু কেইখন গ্ৰন্থ সম্পাদনা কৰাৰ লগতে কবিতা পুথিও ৰচনা কৰে ৷ মৃণালিনী বৰগোঁহাইৰ মৃত্যু নাহৰকটীয়াৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে মৃণালিনী বৰগোঁহাইৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
ইফালে, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতি প্ৰসাদ কোঁৱৰৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক গোট, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তৰংগ কল্লোল শইকীয়া, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক: হোজাইৰ উচ্ছেদক লৈ সৰুপথাৰত আমছুৰ প্ৰতিবাদ