মৰাণ, 20 এপ্ৰিল : পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ত শেহতীয়াকৈ যোগদান কৰিছে বহু কেইগৰাকী নতুন সদস্যই ৷ কিন্তু সংগঠনটোৰ তৰফৰ পৰা ষ্পষ্টীকৰণ দিয়া অনুসৰি, বৰ্তমান সময়ত নতুন সদস্য ভৰ্তি অভিযান স্থগিত ৰখা হৈছে ৷ তদুপৰি ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে আলফা(স্বা) ই ৷
লগতে চাওক: বৰপেটাৰ ধনজিৎ দাসৰ আলফাত যোগদান
কিন্তু ৰাজ্যত ইজনৰ পিছত সিজনকৈ যুৱকে সংগঠনটোক যোগ দিয়াৰ পিছত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ নাহৰকটীয়াৰ এজন যুৱকে আলফা(স্বা) ত যোগ দিয়াৰ বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ৷ এই খবৰ প্ৰকাশ হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যুৱকজনৰ পৰিয়ালটোত ৷
পংকজ গগৈ নামৰ যুৱকজনে আলফা(স্বা) ত যোগ দিয়াৰ কথা জানিব পাৰি মাতৃয়ে "হয় ল’ৰা ঘূৰাই দিয়ক, নহ'লে মাৰি পেলাওঁক" বুলি সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বেদনাৰে জৰ্জৰিত অনিতা গগৈয়ে পুত্ৰৰ এনে কাণ্ড সম্পৰ্কে পূৰ্বতে জ্ঞাত নাছিল বুলিও সদৰি কৰে ৷
লগতে চাওক: আলফাত যোগদান কৰিছে গুৱাহাটীৰ সৰস্বতী আৰু ৰুমীয়ে : ভাস্কৰ জ্যোতি মহন্ত
উল্লেখ্য যে, নাহৰকটীয়াৰ নেখাম বাঁহধাৰী গাঁৱৰ অনিতা গগৈ আৰু পবিত্ৰ গগৈৰ পুত্ৰ পংকজ গগৈয়ে পৰিয়ালৰ অজ্ঞাতে যোগ দিয়ে আলফা(স্বা) ত ৷ বিগত 4 মাৰ্চত কৰ্ম সংস্থাপনৰ বাবে কেৰালালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল পংকজ ৷ শেষবাৰৰ বাবে পত্নী উদ্দীপনা গগৈক 6 এপ্ৰিলৰ দিনা ফোন কৰি কেৰালাতে কাম কৰি থকা বুলি সদৰি কৰে এটি 7 বছৰীয়া সন্তানৰ পিতৃ পংকজ গগৈয়ে ৷ তাৰপিছৰে পৰা আৰু পৰিয়ালৰ সৈতে কোনো যোগাযোগ ৰখা নাই যুৱকজনে ৷
জানিব পৰা মতে, পংকজ গগৈ দীৰ্ঘদিনে যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছে ৷ যাৰ বাবে পুত্ৰই এনেদৰে আলফা(স্বা) ত যোগদান কৰাৰ খবৰটো সহজভাৱে মানি ল’ব পৰা নাই মাতৃ অনিতা গগৈয়ে ৷ বিগত কিছুদিনত ৰাজ্যৰ বহুসংখ্যক যুৱকৰ লগতে একাংশ যুৱতী আৰু মহিলায়ো আলফা(স্বা) ত যোগদান কৰাৰ কথা সংবাদ মাধ্য়মত প্ৰকাশ পাইছিল ৷
লগতে চাওক: চৰাইদেউ আৰক্ষীৰ জালত স্বামী-সন্তান এৰি আলফালৈ যোৱা মহিলা