মৰাণ,9জানুৱাৰী:সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মৰাণত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল ৰাইজৰ দলৰ অভিৱৰ্তন ৷ শনিবাৰে ৰাইজৰ দলৰ অভিৱৰ্তনৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত হয় কাৰাবন্দী কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ৷ অভিৱৰ্তনস্থলীত প্ৰিয়দা গগৈক ৰাইজৰ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷
ইপিনে,ৰাইজৰ আশা প্ৰত্যাশা সামৰি জাতীয় জীৱনক সুস্থ কৰি ৰখাৰ বাবে ৰাজনৈতিক পথাৰলৈ আগবঢ়া ৰাইজৰ দলৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আগমুৰ্হূতত অভিৱৰ্তন স্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠী সমূহৰ সংস্কৃতি প্ৰদৰ্শন কৰা হয় ৷
লগতে পঢ়কঃ বাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ