মৰাণ,15 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ইয়াকে লৈ এতিয়া ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ ৷ ইয়াৰ মাজতে সোমবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰে দুই শতাধিক যুৱকে ৷
বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ ক্ৰীড়া কোষৰ মুখ্য আহ্বায়ক তথা যুৱ নেতা লাচিত গগৈৰ উদ্যোগত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে সোণাৰি বিধানসভা সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীসহ দুই শতাধিক যুৱকে ৷
উল্লেখ্য যে,টাই আহোম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ আদিবাসী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে দুই শতাধিক বিভিন্ন যুৱকে দলটোত যোগদান কৰি আগন্তুক দিনত দলটো আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতি বদ্ধ হয় ৷ এই যোগদান কার্যৰ মূল উদ্যোক্তা যুৱ নেতা লাচিত গগৈয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, সোণাৰি সমষ্টিৰ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁৰ এইটো প্ৰচেষ্টা মাথোঁ ।
লগতে পঢ়কঃ সমষ্টিক পাহৰিলে বিধায়ক বিনোদ হাজৰিকাই !