ডিব্ৰুগড়, 8 অক্টোবৰ: বুধবাৰে মাজুলীত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা ৷ বুধবাৰে মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই অকাল মৃত্যুক সাৱটি লয় (Garmur District Civil Hospital) ৷ ঘটনাৰ পিছতেই চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে অক্সিজেনৰ অভাৱত তেজস্বিতাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হয় (Majuli Tejaswita Baruah Death) ৷ ইয়াৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হয় ব্যাপক প্ৰক্ৰিয়াৰ ৷
মাজুলিৰ প্ৰতিভা সম্পন্ন জীয়ৰী তেজস্বিতা বৰুৱাৰ মৃত্যুত শনিবাৰে নিশা অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৰাণ থানা তিনিআলিৰ কাষত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে আৰক্ষী চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ সিদ্ধা, যুৱ মঞ্চ মৰাণৰ সভাপতি নৱদ্বীপ চুতীয়া, সাংবাদিক ৰাজু মিশ্ৰ, বংগীয় অসমীয়া সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে । তেজস্বিতাৰ প্ৰতিচ্ছবিত সকলোৱে ধূপ-বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদগতি কামনা কৰে (Moran Youth Forum Pays tribute to Tejaswita Baruah) ।
উল্লেখ্য যে, বুধবাৰে সমগ্ৰ ৰাজ্যত দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে উদযাপিত হৈছিল শংকৰদেৱৰ জন্ম জয়ন্তী ৷ এই শংকৰোৎসৱ বুলি গাঁৱৰ নামঘৰত বৰগীত গাবলৈ গৈছিল মাজুলীৰ কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱা । কিন্তু হঠাৎ নামঘৰতেই অসুস্থ হৈ পৰিছিল প্ৰতিভাৱান কণ্ঠশিল্পীগৰাকী ৷
পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল তেজস্বিতা বৰুৱাক । গড়মূৰ জিলা অসামৰিক চিকিৎসালয়লৈ (Garmur Civil Hospital) লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ (Majuli artist Tejaswita Boruah)।
লগতে পঢ়ক: তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই তেন্তে অধীক্ষকক নিলম্বন কিয় ?