ETV Bharat / state

মৰাণৰ তিলৈত সাপ্তাহিক মহিলা বজাৰ মুকলি - নাৰী সবলীকৰণ

নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ ৷ তিলৈত মুকলি হ'ল এখন সাপ্তাহিক মহিলা বজাৰ । উক্ত বজাৰখনত উপলব্ধ হ'ব থলুৱা শাক-পাচলিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰি উলিওৱা বিভিন্ন ঘৰুৱা সা-সামগ্ৰী ।

তিলৈত সাপ্তাহিক মহিলা বজাৰ মুকলি
author img

By

Published : Sep 28, 2019, 9:32 PM IST

মৰাণ, 28 ছেপ্টেম্বৰঃ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বিতা প্ৰদানৰ উদ্দেশ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত আৰু খণ্ড অভিযান প্ৰৱন্ধন গোট খোৱাঙৰ অধীনত শনিবাৰে তিলৈ নগৰ গ্ৰাম্য বজাৰত এখন মহিলাৰ সাপ্তাহিক বজাৰ শুভাৰম্ভ কৰা হয়। 'সম্প্ৰীতি' শীৰ্ষক মহিলা সাপ্তাহিক বজাৰখন শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। প্ৰতি শনিবাৰে বহিব লগা বজাৰখনত শুভাৰম্ভণীৰ দিনা মৰাণ সমষ্টিৰ শতাধিক মহিলা আত্মসহায়ক গোটে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰে। বজাৰখন শুভাৰম্ভ কৰি বিধায়কজনে সাংবাদিকৰ আগত কয় যে উন্নয়নৰ দিশত মহিলাসকল আৰু এখোজ আগুৱাই গ'ল। বজাৰখনে গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্ত সূচনা কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে। উল্লেখ্য যে সমষ্টিটোত বহু মহিলা আত্মসহায়ক গোটে বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰি আহিছে যদিও এখন উপযুক্ত বজাৰৰ অভাৱৰ বাবে তেওঁলোকে উপযুক্ত সংখ্যক গ্ৰাহক লাভৰ পৰা বঞ্চিত হৈ আহিছিল। বজাৰখনে তেওঁলোকৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলিও মহিলাসকলে সাংবাদিকৰ আগত মত ব্যক্ত কৰে ।

মৰাণৰ তিলৈত সাপ্তাহিক মহিলা বজাৰ মুকলি

Intro: মহিলা সৱলীকৰণ তথা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ। তিলৈত মুকলি হ'ল এখন সাপ্তাহিক মহিলা বজাৰ। যিখন বজাৰত উপলব্ধ হ'ব থলুৱা শাক-পাচলিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰি উলিওৱা বিভিন্ন সা-সামগ্ৰী। মহিলাসকলক স্বাৱলম্বিতাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত আৰু খণ্ড অভিযান প্ৰবন্ধন গোট খোৱাঙৰ অধীনত আজি তিলৈ নগৰ গ্ৰাম্য বজাৰত এখন মহিলাৰ সাপ্তাহিক বজাৰ শুভাৰম্ভ হয় । মহিলা সাপ্তাহিক বজাৰ 'সম্প্ৰীতি' শীৰ্ষক বজাৰখন শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । প্ৰতি শনিবাৰে বহিব লগা বজাৰখনত আজি মৰাণ সমষ্টিৰ শতাধিক মহিলা আত্ম সহায়ক গোটে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই । এক মহৎ উদ্দেশ্য লৈ মুকলি কৰা বজাখন শুভাৰম্ভ কৰি বিধায়ক জনে সাংবাদিকৰ আগত কয় যে উন্নয়ণৰ দিশত মহিলা সকল আৰু এখোজ আগবাঢ়িলে । বজাৰ খনে গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্ত সুচনা কৰিব বুলিও তেওঁ আশাবাদী । উল্লেখ্য যে সমষ্টিটোত বহু মহিলা আত্ম সহায়ক গোটে বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰে যদিও এখন উপযুক্ত বজাৰ নোহোৱাৰ বাবে তেওঁলোকে আধাতে সপোন সামৰিব লগা হৈছিল । বজাৰখনে তেওঁলোকৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলিও মহিলা সকলে সাংবাদিকৰ আগত মন্তব্য দাঙি ধৰে ।Body: ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.