মৰাণ,27 জানুৱাৰীঃ সোমবাৰে মৰাণত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ "কা" বিৰোধী প্ৰতিবাদ ৷ মৰাণ ট্ৰেফিক পইন্টৰ সমীপত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীত চুতীয়া ছাত্ৰ সন্থা, আহোম জাতীয় মঞ্চকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে ৷ স্থানীয় লোককে ধৰি প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰা এই বিক্ষোভ কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
লগতে পঢ়ক-অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল