ETV Bharat / state

Moran State Dispensary: চিকিৎসক নাই ! মৰাণ ৰাজ্যিক চিকিৎসালয়ত নিশাৰ জৰুৰীকালীন সেৱা বন্ধ - Assam Health Department

মৰাণ ৰাজ্যিক চিকিৎসালয়ত নাই চিকিৎসক । অনিৰ্দিষ্টকাললৈ বন্ধ নিশাৰ জৰুৰীকালীন সেৱা । ৰাজ্যিক চিকিৎসালয়ত লগোৱা এখন জাননীক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰাণত(Moran State Dispensary Night Service closed) ।

Moran State Dispansary Night Service close
মৰাণ ৰাজ্যিক চিকিৎসালয়ত নিশাৰ জৰুৰীকালীন সেৱা বন্ধ
author img

By

Published : Nov 6, 2022, 3:45 PM IST

মৰাণ,৬ নৱেম্বৰ: ৰাজ্যৰ স্বাস্থ্য খণ্ড প্ৰকৃততে কেনেদৰে চলিছে(Assam Health Department) । মৰাণ ৰাজ্যিক চিকিৎসালয়ত লগাই ৰখা এখন জাননীয়ে হাঁহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে মৰাণবাসীৰ মাজত । জাননীখনত স্পষ্টকৈ লিখা আছে চিকিৎসকৰ নাটনিৰ বাবে ২৪×৭ জৰুৰী সেৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । সেয়েহে ৫ নৱেম্বৰৰ সন্ধিয়া ৮ বজাৰ পৰা Night Shift পুৱা বহিঃবিভাগ নোখোলা পৰ্যন্ত অৰ্নিদিষ্ট কাললৈ বন্ধ থাকিব(Moran State Dispensary Night Service closed) । এই জাননী জাৰি কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ।

মৰাণ ৰাজ্যিক চিকিৎসালয়ত নিশাৰ জৰুৰীকালীন সেৱা বন্ধ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধিষ্ঠ চৰকাৰখনে স্বাস্থ্য বিভাগক লৈ যিমানেই উন্নয়নৰ ঢাক ঢোল বজাই আহিছে সিমানে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামুৰীয়া অঞ্চল মৰাণত ১৯০৫ চনতে স্থাপিত হোৱা মৰাণ ৰাজ্যিক চিকিৎসালয়ত এতিয়া চিকিৎসকৰ অভাৱ(Lack of Moran State Dispansary doctors) । যাৰ বাবে নিশাৰ ভাগৰ জৰুৰীকালীন সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিব লগা হৈছে(Emergency services suspended indefinitely) ।

কেৱল অত্যাৱশ্যকীয় প্ৰসৱ সেৱাহে উপলব্ধ হ'ব চিকিৎসালয়খনত । যাক লৈ এতিয়া মৰাণত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত চিকিৎসালয়খনৰ এই উদ্বেগজনৰ খবৰে প্ৰায় বিলাক লোককে চিন্তাত পেলাইছে । কাৰণ মৰাণ অঞ্চলত সংঘটিত হোৱা যিকোনো দুৰ্ঘটনা বা জৰুৰী চিকিৎসা সেৱাৰ বাবে এই চিকিৎসালয়খনতে ৰোগীক ভৰ্তি কৰোৱা হয় ।

তেনেস্থলত নিশাৰ ভাগত যদি জৰুৰী সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰে, তেন্তে ৰোগী সকলো বিপদত পৰাৰ আশংকা ঘণীভূত । মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে উৰ্ধতম কৰ্তৃপক্ষক এই কথা জনাইছে যদিও কোনো ভাল খবৰ অহা নাই বলি উল্লেখ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.