ETV Bharat / state

অপৰিৰ্বতিত লেজাই-কলাখোৱা অঞ্চলৰ বন্যাৰ্তৰ দুৰ্দশা - অপৰিৰ্বতিত লেজাই-কলাখোৱা অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা

লেজাই কলাখোৱাবাসীৰ মৰ্মবেদনা ৷ পশু খাদ্যৰ ব্যাপক নাটনী , এটা মাহে গড়কাপ্তানী পথটোৱেই আশ্ৰয়ৰ একমাত্ৰ স্থান হৈ পৰিছে এইসকল লোকৰ ৷ গুৰুত্ব নাই বিধায়ক তথা জিলা প্ৰশাসনৰ ৷

moran-shortage-of-animal-food-in-lejai-dibrugarh
অপৰিৰ্বতিত লেজাই-কলাখোৱা অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা
author img

By

Published : Jul 29, 2020, 12:54 PM IST

মৰাণ,২৯ জুলাইঃ প্ৰতি বছৰে বাঢ়নী পানীৰ কবলত পৰে ডিব্ৰুগড় জিলাৰ লেজাই, কলাখোৱাৰ এক বিস্তীৰ্ণ অঞ্চল । মৰাণ সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চল দুটাৰ ৰাইজৰ বাৰিষা অহাৰ লগে লগে পানীত হাঁ‌হ নচৰাৰ অৱস্থা হয় । বৰ্তমানেও লেজাই, কলাখোৱাৰ প্ৰায় ৩০ খনৰো অধিক গাঁও প্লাৱিত কৰি ৰাখিছে চেঁ‌চা নদীৰ বাঢ়নী পানীয়ে ।

গাঁওকেইখনৰ ভিতৰত অধিক ক্ষতিগ্ৰস্ত হৈছে দীঘলীয়া, বৰদৈবাম, লেজাই, বাঁ‌হবাৰী, দ-কলাখোৱা, চাকৈ পথাৰ, ইটাখুলী, পানীমিচিং গাঁও, থানগাঁও, ৰঙাগড়া, চেচুঘাট, শিঙৰী, জাঁজীমুখ, গোহাঁইবাৰীকে ধৰি প্ৰায় ২০ খনমান গাঁও । গাঁওকেইখনৰ প্ৰায় বিলাক লোকেই বড়ো ধানৰ খেতি কৰে । ধান পকিবলৈ আৰম্ভ কৰাৰ সময়তে চেঁ‌চা নদীৰ পানীয়ে বুৰাই পেলালে কৃষকৰ ধান সমূহ । আজিও পানীৰ তলত আছে পকা ধান সমূহ । ইফালে বড়ো খেতিৰ ওপৰিও অঞ্চলকেইটাৰ কৃষক সকলে কৰে শালি ধানৰ খেতি । ৰুবৰ বাবে মাটি চাহ হৈ থকাৰ সময়তে কৃষক সকলৰ কঠিয়া সমূহো বাঢ়নী পানীয়ে নষ্ট কৰি পেলালে । যাৰ ফলত কৃষক সকল এতিয়া দিশহাৰা হৈ পৰিছে । বানাক্ৰান্ত লোকসকল ঘৰৰ ভিতৰতে চাং পাতি কোনো মতে জীৱন নিৰ্বাহ কৰিছে যদিও পশুধনৰ প্ৰতি এক প্ৰকাৰৰ ভাবুকি আহি পৰিছে । উপযুক্ত খাদ্য আৰু চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰিছে বহু পশুধন । উক্ত গাঁওকেইখনলৈ পশুধনৰ চিকিৎসাৰ বাবে কোনো পশু চিকিৎসক নোযোৱাৰ অভিযোগো উত্থাপন কৰিছে ৰাইজে ।

অপৰিৰ্বতিত লেজাই-কলাখোৱা অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা

ইপিনে বিগত প্ৰায় দুটা মাহে গড়কাপ্তানী পথটোৱেই পোহনীয়া জীৱ জন্তুৰ আশ্ৰয়ৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে । আনহাতে এমাহৰো অধিক সময় পানীৰ কবলত লোক সকলৰ খাদ্য সামগ্ৰীও নাটনি হৈছে বুলি অবগত কৰে । প্ৰশাসনৰ ফালৰ পৰা ৭ দিনৰ বাবে চাউল, দাইল আৰু নিমখ যোগান ধৰিছিল যদিও বাকী দিন কেইটা অতি কষ্টেৰে পাৰ কৰিব লগা হৈছে বানাক্ৰান্ত লোক সকলে । প্ৰশাসনে কেৱল প্ৰতি ঘৰত পশু খাদ্য হিচাপে ৩ কেজি চাপৰ দি দায়িত্ব সামৰিলে । ফলত কৃষি আৰু পশু পালন কৰি জীৱন নিৰ্বাহ কৰা বানাক্ৰান্ত ৰাইজৰ মাজত পশু খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । কিছু সংখ্যক লোকে নাও লৈ কিছু খাদ্য যোগাৰ কৰিছে যদিও বেছি সংখ্যকৰে পোহনীয়া জীৱ জন্তু খাদ্যৰ অভাৱতে মৃত্যু হোৱাৰ আশংকা কৰিছে বানাক্ৰান্ত ৰাইজে । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনক বিষয়টো গুৰুত্ব দি বানাক্ৰান্ত ৰাইজৰ পশুধন জীয়াই ৰখাৰ বাবে খাদ্য যোগান ধৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ ক'ভিড-19 কিদৰে ৰোগীৰ ঘ্ৰাণ ক্ষমতা কমাই দিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.