মৰাণ,5 ফেব্ৰুৱাৰী: কৰ'ণা মাহামাৰীৰ সময়ছোৱাত সমগ্ৰ দেশতে ৰে’ল চলাচল বন্ধ ৰাখিছিল ভাৰতীয় ৰে’ল বিভাগে ৷ যাৰফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল সাধাৰণ ৰাইজ ৷ মহামাৰীৰ প্ৰৱণতা কিছু হ্ৰাস পোৱাত কিছু সংখ্যক ৰে’লৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে যদিও অধিকসংখ্যক যাত্ৰীবাহী ৰে’ল এতিয়াও বন্ধ হৈ আছে ৷ শুকুৰবাৰে মৰাণত যাত্ৰীবাহী ৰে’ল চলাচলৰ দাবীত সচেতন নাগৰিক সমাজ আৰু লেখিকা সমাৰোহ সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মৰাণৰ মাজেদি পূৰ্বৰ দৰে যাত্ৰীবাহী ৰে’ল সমূহ চলাচল কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ