ETV Bharat / state

Broken ring dam in Khowang : এটা ভগ্ন ৰিং বান্ধে নিদ্ৰা হৰিছে ৰাইজৰ - Erosion in Dibrugarh

প্ৰায় ৩ বছৰ পূৰ্বে বাঢ়নী পানীয়ে ভাঙি পেলাইছিল খোৱাঙৰ এটা ৰিং বান্ধ । যাৰ বাবে অঞ্চলটোত বান পৰিস্থিতি অতি ভয়ংকৰ হৈ আছে (Flood in Dibrugarh)। বাৰিষাৰ পূৰ্বে বান্ধটো মেৰামতি নকৰিলে এইবাৰো কেইবাখনো গাঁও প্লাৱিত হোৱাৰ আশংকা ৰাইজৰ ।

Broken ring dam in Khowang
এটা ভগ্ন ৰিং বান্ধে নিদ্ৰা হৰিছে ৰাইজৰ
author img

By

Published : Mar 2, 2023, 12:46 PM IST

এটা ভগ্ন ৰিং বান্ধে নিদ্ৰা হৰিছে ৰাইজৰ

মৰাণ,২ মাৰ্চ : চৰকাৰে নুবুজে ডিব্ৰুগড় জিলাৰ খোৱাং মইনা গাঁওবাসীৰ দুখ বেদনাৰ কথা । যাৰ বাবে এতিয়া চৰকাৰলৈ বাট নাচায় ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যাবলৈ সাজু হৈছে কেইবাখনো গাঁওখনৰ ৰাইজ । কাৰণ আগন্তুক বাৰিষাত গাঁওখন নিঃশেষ হোৱাৰ আশংকা ৰাইজৰ । এটা ৰিং বান্ধৰ বাবে এতিয়া ভয়ত কঁপিছে মইনা গাঁৱৰ লগতে প্ৰায় ৭ খনকৈ গাঁৱৰ ৰাইজে ।

উল্লেখ্য যে বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে ভাঙি পেলাইছিল মৰাণ সমষ্টিৰ খোৱাঙৰ মইনা গাঁৱৰ এটা গুৰুত্বপূৰ্ণ ৰিং বান্ধ (Ring dam broke in Moran)। ২০১৯ চনতে ভাঙি পেলোৱা ৰিং বান্ধটোৰ মেৰামতিৰ বাবে চৰকাৰক অঞ্চলটোৰ ৰাইজে অনুৰোধ জনাইছিল । কিন্তু চৰকাৰে আজিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে ৭ খনকৈ গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে ।

জানিব পৰা মতে মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ মইনা গাঁৱৰ বুঢ়ীদিহিং নদীৰ ৰিং বান্ধটো ৪ বছৰ পূৰ্বে প্ৰায় ৬০০ মিটাৰ ভাঙি পেলাইছিল বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে । তেতিয়াৰে পৰা প্ৰায় প্ৰতি বছৰে বাৰিষা জলমগ্ন হৈ পৰে ৭ খনকৈ গাঁও । কিন্তু এই ভগ্ন ৰিং বান্ধ মেৰামতিৰ ব্যৱস্থা আজিলৈকে কৰা নাই চৰকাৰে (Negligence of Govt)। কেৱল ৰিং বান্ধ ভঙাই নহয় অঞ্চলটোত গৰাখহনীয়াও অব্যাহত আছে । যাৰ বাবে বহু কেইটা পৰিয়ালে আপোন ঘৰখন এৰি অন্য স্থানলৈ যাবলগীয়া হৈছে ।

গৰাখহনীয়াৰ প্ৰকোপ ইমানেই বাঢ়িছে যে ৰিং বান্ধৰো চিন-চাব নোহোৱা কৰি পেলাইছে (Erosion in Dibrugarh)। ৰাইজ শংকিত হৈছে যে এনেকৈ যদি গৰাখহনীয়া অব্যাহত থাকে আগন্তুক দিনত বুঢ়ীদিহিঙে সুঁতিও সলনি কৰিব পাৰে ।

স্থানীয় ৰাইজে জানিবলৈ মতে অনুসৰি ২০১৯ চনৰ পিছৰে পৰা ভগ্ন ৰিং বান্ধটো পৰিদৰ্শন কৰিবলৈ জলসম্পদ বিভাগৰ লোক আহি আছে যদিও ৰিং বান্ধটো মেৰামতিৰ বাবে কোনো পদক্ষেপ লোৱা নাই । কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে । তেনেস্থলত ভগ্ন ৰিং বান্ধটো মেৰামতি নকৰিলে তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰতিও যে ভাবুকি আহিব ই নিশ্চিত হৈ পৰিছে ।

উল্লেখ্য যে প্ৰতিবছৰে বাৰিষাৰ বানপানীৰ সময়ত জনপ্ৰতিনিধিসকল লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে উক্ত স্থানত পৰিদৰ্শন কৰি ৰিং বান্ধ নিৰ্মাণৰ বাবে ৰাইজক আশ্বাস প্ৰদান কৰে । কিন্তু আজি পৰ্যন্ত ৰিং বান্ধ নিৰ্মাণৰ কোনো কামে হাতত নল'লে । পৰিবৰ্তনৰ কথা কৈ ৰঙীণ বিজ্ঞাপন দি থকা চৰকাৰৰ এই সমস্যা চকুত নপৰাত এতিয়া ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক :Road Dedication to freedom fighter:লখিমপুৰত মুক্তিযোদ্ধাৰ নামত পথ নামকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.