ETV Bharat / state

বৰবৰুৱাৰ ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু ৯৩ খন বিচনাযুক্ত ক'ভিড চেণ্টাৰ - dibrugarh covid care centre

ডিব্ৰুগড়ত শনিবাৰৰ দিনটোত নতুনকৈ কৰ'ণাত আক্ৰান্ত ৪৯ গৰাকীকৈ লোক । বৰবৰুৱাস্থিত ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু কৰা হৈছে ৯৩ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ ।

moran covid care centre
স্থাপন নতুন ক'ভিড কেয়াৰ চেন্টাৰ
author img

By

Published : May 30, 2021, 1:21 PM IST

মৰাণ,৩০ মে': ডিব্ৰুগড়ত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । জিলাখনত শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৪৯ গৰাকীকৈ লোক । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত ৩৭ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ইয়াৰ লগে লগে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ধৰা পৰা ৰোগীৰ সংখ্যা ১,৯২৩ গৰাকীলৈ বৃদ্ধি পালে ।

moran covid care centre
মৰাণত অব্যাহত কৰণাৰ সংক্ৰমণ

ক'ভিড আক্ৰান্তসকলৰ ১০ জনক মৰাণ নৱোদয় বিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় ক'ভিড কেয়াৰ চেণ্টাৰ, ভামুন চাহ বাগিচা আইচ'লেচন ৱাৰ্ড আদিত ৰখা হৈছে আৰু বাকীসকলক হোম আইচ’লেচনত ৰখা হৈছে । আনহাতে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত ১২ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

moran covid care centre
স্থাপন নতুন ক'ভিড কেয়াৰ চেন্টাৰ

জিলাখনত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে এতিয়া তৎপৰ হৈছে প্ৰশাসন । বিভিন্ন স্থানত ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰাৰ বাবে তৎপৰ হৈছে । ইতিমধ্যে বৰবৰুৱাস্থিত ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু কৰা হৈছে ৯৩ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ । ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত পার্থ প্ৰতীম বৈৰাগীয়ে ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ক'ভিড চেণ্টাৰ পৰিদৰ্শন কৰে আৰু উপলব্ধ ব্যৱস্থা সমূহৰ বুজ লয় ।

moran covid care centre
স্থাপন নতুন ক'ভিড কেয়াৰ চেন্টাৰ

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আৰ্থিক সাহায্য প্ৰদান হকাৰ ড৹ নুৰ মহম্মদ আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.