ETV Bharat / state

CAAৰ বিৰুদ্ধে মৰাণত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

CAAৰ বিৰুদ্ধে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণত শুকুৰবাৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

বিশাল প্ৰতিবাদী কাৰ্যসূচী
বিশাল প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Jan 18, 2020, 8:44 AM IST

মৰাণ, 18 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শুকুৰবাৰে মৰাণত সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণৰ ঊষাপুৰ খেলপথাৰত এখন বিশাল গণ সমাবেশ অনুষ্ঠিত হয় ৷ এই বিশাল প্ৰতিবাদী সমাবেশত উপস্থিত থাকে কেইবাটাও দল সংগঠনৰ সদস্য ৷ এই প্ৰতিবাদী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিটো দল সংগঠনে ৰাইজক সজাগ কৰি CAA বাতিলৰ দাবীৰে ৰাইজক সজাগ কৰি আন্দোলনত সহযোগ কৰিবলৈ আহ্বান জনায় ৷ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে উপস্থিত ৰাইজে ৷

মৰাণত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

লগতে পঢ়কঃ বিহুৰ মাজতে তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

Intro:

প্ৰতিবেদক মৰাণ১৭ জানুৱাৰী:-

নাগৰিকত্ব সংশোধনী আইন ২০১৯(কা') বাতিলৰ দাবীত আজি মৰাণত সদৌ অসম ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদ,মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ ঊষাপুৰ খেলপথাৰত এখন বিশাল গণ সমাবেশ অনুষ্ঠিত হয় । অনুপ জয়ছোৱালে আঁত কা' বিৰোধী গণ সমাবেশত প্ৰথমে কা' বাতিলৰ দাবীত আন্দোলনৰ শ্বহীদ কেইজনক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পাছতে আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকণ ভূঞা, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত চাংমাই, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেবেন উৰাং , সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বুধীন সোনোৱাল, আটাছু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, টাইপাৰ মৰাণ মহকুমাৰ সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, মুছলিম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বুলবুল ৰহমান ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক সঞ্জীৱ চুতীয়াকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাইজক সজাগতা কৰি কা' বিৰোধী আন্দোলনত সহযোগ কৰিবলৈ আহ্বান জনায়।ইয়াৰ পাছতে মৰাণ নগৰত কা' বাতিলৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল''গান দি আকাশ- বতাহ কপাই তোলে । মৰাণ আঞ্চলিক ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বিনোদ শ্বাহ আৰু সম্পাদক সুৰুয গুপ্তাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে আইনখন বাতিল নকৰিলে আন্দোলন অধিক তীব্ৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.