ETV Bharat / state

বুঢ়ীদিহিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৰাইজে স্থাপন কৰিলে লাইখুঁটা - Moran burhidihing bridge

মৰাণ সমষ্টিৰ চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত অৱশেষত নিৰ্মান হ’ব দলং ৷ আছুক উদ্যোক্তা হিচাপে লৈ বুধবাৰে বুঢ়িদিহিং নদীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে দলঙৰ লাইখুঁটা স্থাপন কৰে স্থানীয় ৰাইজে ৷

A_Moran_Moran_burhidihing_bridge_foundation_stone_put_by_villagers_img_As10031
বুঢ়ীদিহিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৰাইজে স্থাপন কৰিলে লাইখুঁটা
author img

By

Published : Dec 23, 2020, 5:31 PM IST

মৰাণ,23 ডিচেম্বৰ: বিগত ২৮ বছৰে চৰকাৰৰ সু-দৃষ্টি নপৰা মৰাণ সমষ্টিৰ চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত অৱশেষত নিৰ্মান হ’ব দলং ৷ জনপ্ৰতিনিধিৰ অমনযোগিতাৰ বাবে ৰাইজে সিদ্ধান্ত ল'লে দলং নিৰ্মাণৰ । ১৯৬২ চনৰ পৰা চেচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী বুঢ়ীদিঙৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চেচুঘাট পকীদলং বাইপাছ সমিতিয়ে দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই দাবীৰ প্ৰতি সহাঁৰি জনোৱা নাই ।

বুঢ়ীদিহিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৰাইজে স্থাপন কৰিলে লাইখুঁটা

শেহতীয়াকৈ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে এই দলঙখন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতিও সময়ত ফুটুকাৰ ফেনত পৰিণত হয় । বিধায়কজনৰ সদিচ্ছাৰ অভাৱৰ বাবেই দলং নিৰ্মাণৰ নথি-পত্ৰৰ কাম আগ নবঢ়াৰ অভিযোগ স্থানীয় ৰাইজৰ । আনহাতে, এখন দলঙৰ অভাৱত চেচুঘাট, শিলপুটা, লেজাই-কলাখোৱাকে ধৰি প্ৰায় ৮০ খন গাঁ‌ৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত একমাত্ৰ টুলুঙা নাওৰ ওপৰতে ভৰসা কৰিব লগা হয় । উপায়ন্তৰ ৰাইজে অৱশেষত আছুক উদ্যোক্তা হিচাপে লৈ বুধবাৰে বুঢ়িদিহিং নদীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অৱলম্বন কৰি দলঙৰ লাইখুঁটা স্থাপন কৰে । বাঁ‌হেৰে নিৰ্মাণ কৰিবলৈ লোৱা এই দলঙখনক লৈ ৰাইজ আশাবাদী যে এই দলঙখনে যাতায়তৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা সমাধান কৰিব ।

লগতে পঢ়ক-জনতা ভৱনক এৰাই চলিছে বিপিএফৰ তিনি মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.