ETV Bharat / state

ৰিতুল শইকীয়া নিৰুদ্দেশ হৈছে: মোহিনী মোহন গগৈ

author img

By

Published : Apr 25, 2021, 9:25 AM IST

চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ আৰু চক্ৰ পৰিদৰ্শক অনিল মৰাণৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলটোৰ হাতত নাগালেণ্ড আৰক্ষীয়ে অ'এনজিচিৰ কৰ্মচাৰীদ্বয়ক চমজাই দিয়াৰ পাচতে ৰিতুল শইকীয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মোহিনী মোহন গগৈয়ে ৷

মোহিনী মোহন গগৈ
মোহিনী মোহন গগৈ

মৰাণ,25 এপ্ৰিল: অ’এনজিচিৰ তিনি বিষয়াৰ অপহৰণৰ ঘটনাই সমগ্ৰ ৰাজ্যত তোলপাৰ লগাই থকাৰ সময়তে নাগালেণ্ডৰ গভীৰ অৰণ্যৰ মাজৰ পৰা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰে ৷ উৎকণ্ঠাৰ অৱসান ঘটাই সেনা-অসম ৰাইফলছে যুটীয়া অভিযান চলাই অপহৰণকাৰীৰ কবলৰ পৰা দুয়োগৰাকী বিষয়াক উদ্ধাৰ কৰি অসম আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

নাগালেণ্ডৰ মন জিলাৰ টটক চিংনু বস্তিৰ অৰণ্যত সেনা বাহিনী আৰু অপহৰণকাৰীৰ মাজত হোৱা সংঘৰ্ষত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া উদ্ধাৰ হয় ৷ কিন্তু আনগৰাকী বিষয়া ৰিতুল শইকীয়া বৰ্তমানেও নিৰুদ্দেশ হৈ আছে ৷ অসম ৰাইফলছ আৰু নাগালেণ্ড টেৰিটৰিয়েল আৰ্মীয়ে অভিযান চলাই যদিও বিষয়া গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷

বুধবাৰে নিশা হোৱা সংঘৰ্ষৰ পাচতে ৰিতুল শইকীয়া নিৰুদ্দেশ হৈছে: মোহিনী মোহন গগৈ

ইপিনে বৃহস্পতিবাৰে দুপৰীয়া নাগালেণ্ডৰ মন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱা চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ আৰু চক্ৰ পৰিদৰ্শক অনিল মৰাণৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলটোৰ হাতত অ'এনজিচিৰ কৰ্মচাৰীদ্বয়ক চমজাই দিয়া হয় ৷ বুধবাৰে নিশা সংঘটিত হোৱা সংঘৰ্ষৰ সময়তে ৰিতুল শইকীয়া নিৰুদ্দেশ হৈছে বুলি মোহিনী মোহন গগৈয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অ’এনজিচিৰ তিনি অভিযন্তাৰ অপহৰণত জড়িত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.