মৰাণ, 3 জুলাই : ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ লগত মিত্ৰতা কৰি ক্ৰমাৎ নতুন উদ্যমেৰে আগবাঢ়িছে অসম গণ পৰিষদ দল (AGP) । বিগত বিধানসভা নিবাৰ্চন (Assam Assembly Election 2021)ত দলটোৱে বিজেপিৰ হকে মিত্ৰতাৰে যুঁজ দি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ পাছতে দলটোৱে দলীয় ভেঁটী শক্তিশালী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দলটোৰ কেন্দ্ৰীয় নেতৃত্বই দলটোৰ সহযোগী সংগঠনসমূহক সক্ৰিয় কৰি তুলিবলৈ তৎপৰ হৈছে । সেয়েহে অসম গণ পৰিষদ দলে (Asom Gana Parishad) অসম চাহ পৰিষদটো শক্তিশালী কৰি তুলিবলৈ অসম চাহ পৰিষদৰ তত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Baruah)ক ।
অসম গণ পৰিষদৰ সভাপতি অতুল বৰা (AGP Pesident Atul Bora)ই এক পত্ৰ প্ৰেৰণ কৰি আনুষ্ঠানিকভাৱে বিধায়ক পোনাকণ বৰুৱাক (MLA Punakan Baruah) এই দায়িত্ব অৰ্পণ কৰে । উল্লেখ্য যে, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Baruah)ই ইয়াৰ পূৰ্বেই দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিল ।
লগতে পঢ়ক : ক'ত হেৰাল 50 লক্ষাধিক মূল্যৰ চাহপাত ভৰ্তি ট্ৰাক