ETV Bharat / state

তৰুণ গগৈৰ আৰোগ্য কামনাৰে প্ৰশান্ত ফুকনৰ প্ৰাৰ্থনা

author img

By

Published : Nov 23, 2020, 5:52 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি নেদেখা জনৰ ওচৰত বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰাৰ্থনা ৷ ডিব্ৰুগড় মিলননগৰ স্থিত বিষ্ণু মন্দিৰত পুৱাৰ ভাগত উপস্থিত হৈ বিজেপিৰ বিধায়ক গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰে ৷

তৰুণ গগৈৰ আৰোগ্য কামনাৰে প্ৰশান্ত ফুকনৰ প্ৰাৰ্থনা
তৰুণ গগৈৰ আৰোগ্য কামনাৰে প্ৰশান্ত ফুকনৰ প্ৰাৰ্থনা

ডিব্ৰুগড়, 23 নৱেম্বৰ : অধিক সংকটজনক অৱস্থালৈ গতি কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য ৷ শাসক , বিৰোধীৰ লগতে অনেক গুণমুগ্ধই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজনৈতিক ক্ষেত্ৰ তথা দলৰ উৰ্ধত গৈ সকলোৱে তৰুণ গগৈৰ আৰোগ্য কামনা কৰিছে ৷ ৰাজ্যৰ অন্যান্য সকলৰ লগতে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে সোমবাৰে বিষ্ণু নামঘৰত চাকি জ্বলাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰে ৷

তৰুণ গগৈৰ আশু আৰোগ্য কামনা বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ৰ বিজেপিৰ বিধায়ক গৰাকীয়ে চহৰখনৰ মিলননগৰ স্থিত বিষ্ণু মন্দিৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰে ৷ তেওঁ মন্তব্য় কৰে যে তেওঁৰ বিশ্বাস আছে যে অতি সোনকালেই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী আৰোগ্য হৈ উঠিব আৰু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ নীতি নিৰ্দেশনা আগবঢ়াব ৷

উল্লেখ্য যে বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰায় সকলোবোৰ অংগই বিকল হৈ পৰিছে বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈৰ অনুৰোধ মৰ্মে বৰ্তমান বৰ্ষীয়ান কংগ্ৰেছ নেতা গৰাকীক তেওঁৰ কিছু প্ৰিয় গান শুনাই মিউজিক থেৰাপি দি থকা হৈছে ৷

লগতে পঢ়ক: পিতৃৰ স্বাস্থ্য সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.