নাহৰকটীয়া, 10 জুলাই : চাচনীবাসীক এখন মহাবিদ্যালয় প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল ৷ কংগ্ৰেছ চৰকাৰৰ শাসনকালৰ পৰা এই দাবী উত্থাপন কৰি আহিছিল যদিও বাৰে বাৰে আশাহত হৈছিল চাচনীবাসী ৷ কিন্তু,অগপ-বিজেপি মিত্ৰজোঁটৰ বিধায়ক নৰেন সোণোৱালে অৱশেষত এই দাবী পূৰণ কৰাৰ কথা প্ৰকাশ কৰিছে ৷ চাচনীবাসীৰ বাবে এখন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ যো-জা চলাইছে নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে ।
উল্লেখ্য যে, 84 খন ৰাজহ গাঁৱৰে গঠিত অসমৰ অন্যতম সৰ্ববৃহৎ মৌজা চাচনী ৷ চাচনীৰ অন্তৰ্গত বহুতো দূৰণিবটীয়া গাৱঁৰ কৃষক ৰাইজৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতায়ত আৰু অৰ্থৰ অভাৱ দেখা পোৱা যায় ৷ এই অভাৱৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই চাচনীবাসীয়ে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল এখন পূৰ্ণাংগ মহাবিদ্যালয়ৰ৷ শেহতীয়াকৈ চাচনী জেষ্ঠ নাগৰিক মঞ্চ,চাচনী আঞ্চলিক ছাত্ৰ সন্থা,চাচনী মৌজা কেন্দ্ৰীয় উন্নয়ন সমিতি তথা বৃহত্তৰ চাচনীবাসী ৰাইজে বিধায়ক নৰেন সোণোৱালক দিয়া এখন স্মাৰকৰ পিছতেই এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা শীঘ্ৰেই এই দাবী পূৰণৰ প্ৰতিশ্ৰুতিৰে এখন পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক নৰেন সোণোৱাললৈ ৷
আনহাতে, 1993 চনতে স্থাপিত চাচনী কনিষ্ঠ মহাবিদ্যালয়খনৰ প্ৰাদেশিকীকৰণৰ বিষয়টোও উল্লেখ কৰিলে বিধায়ক নৰেন সোণোৱালে ৷ প্ৰণিধানযোগ্য যে, চাচনী কনিষ্ঠ মহাবিদ্যালয়খনে দীৰ্ঘদিন ধৰি অঞ্চলটোত শৈক্ষিক বাতাবৰণ সৃষ্টিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে । 2012 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই কনিষ্ঠ মহাবিদ্যালয়খনৰেই ছাত্ৰী প্ৰাৰ্থনা দত্তই অসমৰ ভিতৰতে পঞ্চম স্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিছিল৷ ইফালে বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনা বেতনেৰে জীৱনৰ আপুৰুগীয়া শিক্ষা প্ৰদান কৰা অথচ চৰকাৰৰ কোনো অনুদানে ঢুকি নোপোৱা কনিষ্ঠ মহাবিদ্যালয়খনৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত বিধায়ক নৰেন সোণোৱালে শেহতীয়াকৈ প্ৰদান কৰিছে এক সেউজ সংকেত ।
এতিয়া প্ৰশ্ন হৈছে যে,নিৰ্বাচনী কোচ-কাৱাজ আৰম্ভ হোৱাৰ সময়তে কৰা এই ঘোষণা কাৰ্যত হ'বগৈ নে নাই ? প্ৰায় 40 হাজাৰ ভোটাৰ থকা চাচনী মৌজাৰ ৰাইজৰ এই পুৰণি দাবীক নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰিব নেকি চৰকাৰে ? সেইয়া সময়তহে স্পষ্ট হ'ব ৷
লগতে পঢ়ক : নাইট ক্লাৱত মৃত্যু এগৰাকী যুৱতীৰ