মৰাণ, ১১ নৱেম্বৰ: চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পিছপৰা মৰাণ বিধানসভা সমষ্টি। বিশেষকৈ গ্ৰামাঞ্চল সমূহত উপযুক্ত সা-সুবিধাৰ অভাৱত চিকিৎসালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে সমষ্টিটোত। ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰী বৃহত্তৰ অঞ্চলটোত এটাই মাত্ৰ স্বাস্থ্য কেন্দ্ৰ আছে । এগৰাকী চিকিৎসকৰ দ্বাৰা পৰিচালিত হৈ আছে হালধিবাৰী বৰপথাৰত অৱস্থিত স্বাস্থ্য কেন্দ্ৰটো। স্বাস্থ্য কেন্দ্ৰটো উন্নয়ন কৰিবলৈ বহুবাৰ ৰাইজে আবেদন নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জন প্ৰতিনিধিয়ে ।
মঙলবাৰে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰথম বাৰলৈ পৰিস্থিতিৰ বুজ লয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । কেন্দ্ৰটোৰ পৰিচালনা সমিতিয়ে স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সম্বন্ধে বিধায়ক গৰাকীক এক প্ৰতিবেদন প্ৰদান কৰে । বিভাগীয় বিষয়াৰ সৈতে বিষয়সমূহ আলোচনা কৰি স্বাস্থ্য কেন্দ্ৰটোত সকলো সুবিধা উপলব্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।
লগতে পঢ়ক : চিৰাঙত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি