ETV Bharat / state

APDCL বিষয়াৰ সতে বিধায়ক চক্ৰধৰ গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Oct 25, 2020, 6:16 PM IST

বৈঠকত মৰাণ সমষ্টিৰ সকলো পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰ সকলৰ উপস্থিতিত মৰাণ সমষ্টিৰ এলেকাৰ বিদ্যুৎ সম্পৰ্কীয় সকলো সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷

MLA Chakradhar Gogoi has done a Special Meeting with APDCL officer
APDCL বিষয়াৰ সতে বিধায়ক চক্ৰধৰ গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক

মৰাণ, 25 অক্টোবৰ: পূজাৰ ব্যস্ততাৰ মাজতে শনিবাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়ববীয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ বৈঠকত মৰাণ সমষ্টিৰ সকলো পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰ সকলৰ উপস্থিতিত মৰাণ সমষ্টিৰ এলেকাৰ বিদ্যুৎ সম্পৰ্কীয় সকলো সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷ লগতে ডিব্ৰুগড় আৰু মৰাণ সংমণ্ডলৰ APDCL ৰ দুয়োগৰাকী বিষয়াক বিদ্যুতৰ সমস্যা সমূহ অৱগত কৰাৰ লগতে শীঘ্ৰে প্ৰতিখন পঞ্চায়ত এলেকাত থকা সমস্যাসমূহ জৰীপ কৰোৱাই এক আঁচনি প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়া হয় ৷ বিধায়কৰ উপস্থিতত APDCL ৰ দুয়োগৰাকী বিষয়াই মৰাণ সমষ্টিত বিদ্যুতৰ সমস্যা সমূহ অতি সোনকালে সমাধানৰ প্ৰতিশ্ৰুতি দিছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ গৃহ জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ বহু গাঁৱত আজিও নাই বিদ্যুৎ সংযোগ ৷ কাতি বিহুৰ দিনটোতে বিদ্যুতৰ পোহৰ বিচাৰি মৰাণৰ ধেমেচীত টিপ চাকি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ৷ প্ৰতিবাদকাৰী সকলে বিধায়ক চক্ৰধৰ গগৈৰ পুত্তলিকা জ্বলাই সাব্যস্ত কৰিছিল এই প্ৰতিবাদ ৷ এই বাতৰি ইটিভি ভাতৰিত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতে দেখা পোৱা গৈছে এই তৎপৰতা ৷

লগতে পঢ়কঃ চণ্ডিকা মন্দিৰৰ 108 ঘটৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.