ETV Bharat / state

এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰধৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান

author img

By

Published : Jun 4, 2021, 9:07 AM IST

মৰাণৰ তিলৈ নদীৰ ওপৰত থকা দেওধাই আৰু মোহন গাঁও সংযোগী একমাত্ৰ বাঁহৰ দলং খনে প্ৰতিবছৰেই ৰাইজক জ্বলা-কলা

mla-chakradhar-gogoi-donated-5-thousand-to-construction-a-bamboo-bridge
এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান

মৰাণ,4 জুন: চৰকাৰ আহে আৰু চৰকাৰ যায় ৷ প্ৰতিখন চৰকাৰেই উন্নয়নৰ ঢাক-ঢোল বজাই পৰিৱৰ্তনৰ ৰঙীন বিজ্ঞাপন দিয়ে ৷ তথাপি কিন্তু আজিও এখন ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ একাংশ ৰাইজে । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে মেলে মিটিঙে সমষ্টিৰ উন্নয়নৰ কথা কৈ থকা সময়তে মৰাণৰ তিলৈ নদীৰ ওপৰত থকা দেওধাই আৰু মোহন গাঁও সংযোগী একমাত্ৰ বাঁহৰ দলং খনেৰে মৰণত শৰণ দি যাতায়ত কৰিছে সাধাৰণ ৰাইজে ৷

উল্লেখ্য যে,ৰাইজে শ্ৰমদান কৰি দলং খন প্ৰতিবছৰে নিৰ্মাণ কৰে যদিও বাৰিষা নদী পানী বঢ়াৰ পিছতে দলং খনৰ ওপৰেদি যাত্ৰা কৰাটো অতি বিপদজনক হৈ পৰে । কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়-মহাবিদ্যালয়লৈ,ৰাইজে ব্যৱসায় বানিজ্যি কৰিবলৈ এই দলং খনেৰে যাতায়ত কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো জনপ্ৰতিনিধিয়ে দলং খন নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল । বিগত চৰকাৰৰ দিনত দলং খন বাঁহেৰে নিৰ্মাণ কৰিবলৈ কেৱল মাত্ৰ পাঁচ হাজাৰ টকাৰ অনুদান হে দিছিল মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ গতিকে দ্বিতীয় বাৰৰ বাবে বিধায়ক হোৱা চক্ৰধৰ গগৈক দলং খন নিৰ্মাণ কৰি ৰাইজৰ যাতায়ত সূচল কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ চৰ্চাত কৰিমগঞ্জত এজন প্ৰতিবাদী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.