ETV Bharat / state

এইবাৰ দীপাৱলীত মাটি চাকিৰ সমাদৰ বৃদ্ধি - Chakradhar Gogoi

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে শনিবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত মাটি চাকি বিতৰণ কৰি সকলোকে চীনা সামগ্ৰীৰ পৰিৱৰ্তে মাটি চাকি জ্বলাই দীপাৱলী পালনৰ বাবে আহ্বান জনায় ।

MLA Chakradhar Gogoi distributed earth candle in Moran
এইবাৰ দীপাৱলীত মাটি চাকিৰ সমাদৰ বৃদ্ধি
author img

By

Published : Nov 15, 2020, 4:28 PM IST

মৰাণ, 15 নৱেম্বৰ : ক’ৰণা আতংকৰ মাজতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী । এইবাৰ দীপাৱলী পূৰ্বতকৈ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে । প্ৰশাসনে দীপাৱলী পালনৰ ক্ষেত্ৰত নীতি নিয়ম নিৰ্ধাৰণ কৰাৰ মাজতে ৰাইজে চীনা সামগ্ৰীৰ তুলনাত মাটি চাকিহে ক্ৰয় কৰি জ্বলোৱা পৰিলক্ষিত হ'ল ।

MLA Chakradhar Gogoi distributed earth candle in Moran
এইবাৰ দীপাৱলীত মাটি চাকিৰ সমাদৰ বৃদ্ধি

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দীপাৱলীৰ এদিন পূৰ্বে নিজেই মৃৎ শিল্পীৰ পৰা মাটি চাকি ক্ৰয় কৰি এক নিদৰ্শন দাঙি ধৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী বিধায়কে ৰাইজৰ মাজত মাটি চাকি বিতৰণ কৰা পৰিলক্ষিত হ'ল । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ো পিছ পৰি ৰোৱা নাই এই ক্ষেত্ৰত । শনিবাৰে বিধায়কজনে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত মাটি চাকি বিতৰণ কৰি সকলোকে চীনা সামগ্ৰীৰ পৰিৱৰ্তে মাটি চাকি জ্বলাই দীপাৱলী পালনৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.