ETV Bharat / state

মৰাণত অসম দৰ্শন আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

author img

By

Published : Jan 25, 2021, 10:37 PM IST

মৰাণত অসম দৰ্শন আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ দৰ্শন আঁচনিৰ জৰিয়তে মৰাণ বিধানসভা সমষ্টিৰ প্ৰতিটো নামঘৰলৈ চৰকাৰে ২.৫০ লাখ টকা আৰ্থিক অনুদান আগবঢ়াইছে।‌

মৰাণত অসম দৰ্শন আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ
মৰাণত অসম দৰ্শন আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

মৰাণ,25 জানুৱাৰী : মৰাণত অসম দৰ্শন আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ দৰ্শন আঁচনিৰ জৰিয়তে মৰাণ বিধানসভা সমষ্টিৰ প্ৰতিটো নামঘৰলৈ চৰকাৰে আগবঢ়াইছে 2.50 লাখ টকাৰ আৰ্থিক অনুদান ।‌

আজি আনুষ্ঠানিক ভাৱে প্ৰথম পৰ্যায়ত মৰাণৰ তিলৈ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মৰাণৰ 80 টাকৈ নাম ঘৰলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। এই আৰ্থিক অনুদান পত্ৰ বিতৰণ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

বিধায়ক জনে অনুদান পত্ৰ বিতৰণ কৰাৰ আগমূহুৰ্তত প্ৰতিটো নামঘৰৰ পৰা অহা ভকত সকলক সেৱা আগবঢ়ায় ৷

উল্লেখ যে অসম চৰকাৰে 2019-20 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ নৈসৰ্গিক শোভাৰে সমৃদ্ধ স্থানসমূহৰ লগতে প্ৰসিদ্ধ ধৰ্মীয় অনুষ্ঠান আৰু বুৰঞ্জী প্ৰসিদ্ধস্থানসমূহৰ উন্নয়ন আৰু প্ৰচাৰ তথা প্ৰসাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:বকোত গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলনত ব্যস্ত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.