ETV Bharat / state

পুনৰ অখিল গগৈৰ মানসিক স্বাস্থ্যক লৈ বিতৰ্কিত মন্তব্য বিজেপিৰ বিধায়কৰ - Akhil demands inquiry against CM wife

''অখিল গগৈ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক ৷ অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী, গৱৰ্ণৰ অথবা কোনো ন্যায়াধীশ নহয় ।'' লাহোৱাৰ বিধায়ক বিনোদ হাজৰিকাই কিয় কৰিলে এই মন্তব্য, জানো আহক ঘটনাৰ সবিশেষ (Binod Hazarika on Akhil gogoi's mental health) ৷

MLA Binod Hazarika raised question related to  Akhil gogoi's mental health
পুনৰ অখিল গগৈৰ মানসিক স্বাস্থ্যক লৈ বিতৰ্কিত মন্তব্য বিজেপিৰ বিধায়কৰ
author img

By

Published : Dec 14, 2021, 7:48 PM IST

মৰাণ, 14 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী বিষয়ত অভিযোগ(Land grabbing allegation against CM family) আনি অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰি থকা সময়তে এইবাৰ বিধায়ক গৰাকীক ওভটাই ধৰিলে লাহোৱাৰ বিধায়ক বিনোদ হাজৰিকাই ৷ অখিল গগৈক তীব্ৰ সমালোচনা কৰি তেওঁক মানসিকভাৱে বিকাৰগ্ৰস্ত আখ্যা দিলে বিধায়ক হাজৰিকাই(BJP MLA on Akhil gogoi's mental health) । মঙলবাৰে লাহোৱালৰ বিধায়ক গৰাকীয়ে কয়, অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী, গৱৰ্ণৰ অথবা কোনো ন্যায়াধীশ নহয় ।

পুনৰ অখিল গগৈৰ মানসিক স্বাস্থ্যক লৈ বিতৰ্কিত মন্তব্য বিজেপিৰ বিধায়কৰ

তেওঁ পুনৰ কয়, ''অখিল গগৈ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক ৷ যদি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত কিবা ভূমি কেলেংকাৰী আছে তেওঁ আইনীভাৱে আগবাঢ়ক মুখত এনেয়ে কথা কৈ থাকিলে নহ'ব (MLA Binod Hazarika challenges Akhil Gogoi) । অখিল গগৈয়ে সমাজ উশৃংখল কৰাৰ কথা এইদৰে কৈ থাকিলে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ লগতে অসমৰ ৰাইজেও তেওঁক প্ৰত্যাখান কৰিব'' ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দ্বাৰা ভূমি কেলেংকাৰী হোৱাৰ অভিযোগ সন্দৰ্ভত সোমবাৰে বিধায়ক অখিল গগৈয়ে ৰাজহ বিভাগৰ প্ৰধান সচিবক সাক্ষাৎ কৰিছিল(Akhil Gogoi met revenue secretary) । এই সাক্ষাৎ যোগে, অখিল গগৈয়ে ভূমি নীতি আৰু ভূমি আইন তথা ভূমি সম্পৰ্কীয় জাননী ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ পত্নী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে ৰাজহ বিভাগৰ প্ৰধান সচিবক স্মাৰক পত্ৰ দাখিল কৰে ।

অখিল গগৈৰ অভিযোগ মতে, ভূমিহীন খিলঞ্জীয়া মানুহক চৰকাৰে আবন্টন দিয়া মাটি বেদখল কৰিছে RBS ৰিয়েলটৰ্চে(RBS Realtors Private Limited)। ২৯ বিঘা ৯ লেছা মাটি বেদখল কৰা সন্দৰ্ভত এই অভিযোগ দাখিল কৰিলে অখিলে । উল্লেখযোগ্য যে, এই অভিযোগৰ লগত বিভিন্ন নথি সংলগ্ন কৰি দিয়া হৈছে । ইয়াৰোপৰি, মুখ্যমন্ত্ৰীৰ পত্নী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত গোচৰ দাখিল কৰিবলৈ ৰাজহ বিভাগৰ প্ৰধান সচিবক আহ্বান জনায় অখিল গগৈয়ে(Akhil demands inquiry against CM wife) ।

লগতে পঢ়ক : Resources of Nagaon, Cachar paper mill: পানীৰ দৰত বিক্ৰী হ'ব নেকি কাগজ কলৰ সম্পদ !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.