ETV Bharat / state

ডিকমত খাদ্য সামগ্ৰী যোগান বিধায়ক বিনোদ হাজৰিকাৰ

author img

By

Published : May 18, 2021, 11:48 AM IST

ডিকমৰ চেঁচা চাহ বাগিচাৰ কণ্টেইনমেণ্ট জ’নত থকা লোকসকলক সোমবাৰে বিধায়ক বিনোদ হাজৰিকাই খাদ্য সামগ্ৰী যোগান ধৰে ৷

ডিকম চেঁচা চাহ বাগিছাত খাদ্য সামগ্ৰী যোগান ধৰে বিধায়ক বিনোদ হাজৰিকাই

মৰাণ,18 মে’: ডিব্ৰুগড়ৰ কেইবাখনো গাঁৱত প্ৰতিদিনে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে উক্ত গাঁও কেইখনক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে । লাহোৱাল সমষ্টিৰ ডিকমৰ চেঁচা চাহ বাগিচাৰ কণ্টেইনমেণ্ট জ’নত থকা লোকসকলক বিধায়ক বিনোদ হাজৰিকাই সোমবাৰে খাদ্য সামগ্ৰী যোগান ধৰে ।

ডিকমৰ চেঁচা চাহ বাগিচাত খাদ্য সামগ্ৰী যোগান ধৰে বিধায়ক বিনোদ হাজৰিকাই

উল্লেখ্য যে, চৰকাৰে কণ্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে এতিয়ালৈকে খাদ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ঘোষণা কৰা অনুসৰি কণ্টেইনমেণ্ট জ’নত থকা কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলকহে খাদ্য সামগ্ৰী যোগান ধৰিব প্ৰশাসনে । কিন্তু আজিও সেই নিয়ম কাৰ্যকৰী হোৱা নাই । তেনেস্থলত নিজ নিজ সমষ্টিৰ নতুন বিধায়কসকলে কণ্টেইনমেণ্ট জ’নত থকা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰি কিছু পৰিমাণে সকাহ দিছে ।

লগতে পঢ়ক: বিধায়ক ৰূপক শৰ্মাৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.