ETV Bharat / state

Central Minister Sarbananda Sonowal : সন্মান দিলেহে সন্মান পায়; দলীয় কৰ্মীক অভয়বাণী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Jun 23, 2023, 2:58 PM IST

'আজিৰ দিনত সন্মান দিলেহে সন্মান পায়', সেয়েহে দলীয় কৰ্মীসকলক অহংকাৰী ন'হৈ ৰাইজক মৰম কৰিবলৈ আহ্বান জনাই দলীয় কৰ্মকৰ্তাসকলক একপ্ৰকাৰ উৎসাহিত কৰা পৰিলক্ষিত হয় ।

Central Minister Sarbananda Sonowal
Central Minister Sarbananda Sonowal
দুলীয়াজানত জনসম্পৰ্ক অভিযানত সৰ্বানন্দ সোণোৱাল

মৰাণ, ২৩ জুন : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি । ১৪ খনকৈ লোকসভা আসন দখল কৰাৰ উদ্দেশ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে । বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰণডংকা বাজে তৈলনগৰী দুলীয়াজানত । বিশাল জনসম্পৰ্ক সভাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে শক্তি প্ৰদৰ্শনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

প্ৰতিকূল বতৰকো নেওচি ডিব্ৰুগড়ৰ ৯ টা বিধানসভা সমষ্টিৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দলটোক শক্তিশালী কৰা বাবে দলীয় কৰ্মীসকলক বিভিন্ন পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয় । সাম্প্ৰদায়িকতা আৰু বিভেদকামী ৰাজনীতিৰ পৰা সদায় আঁতৰত থকা সৰ্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোদী চৰকাৰৰ সফলতা বিশ্লেষণ কৰি দলীয় কৰ্মীসকলক অভয়বাণী প্ৰদান কৰে ।

'আজিৰ দিনত সন্মান দিলেহে সন্মান পায়', সেয়েহে দলীয় কৰ্মীসকলক অহংকাৰী ন'হৈ ৰাইজক মৰম কৰিবলৈ আহ্বান জনাই দলীয় কৰ্মকৰ্তাসকলক একপ্ৰকাৰ উৎসাহিত কৰা পৰিলক্ষিত হয় । আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ন-জনকৈ বিধায়কেই শক্তিশালীভাৱে ৰাইজৰ কাম কৰা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেনেস্থলত সমাগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ সাংসদজনক পূৰ্বৰ তুলনাত অধিক ভোটেৰে বিজয়ী কৰাব বুলিও ভাষণ প্ৰসংগত কয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য, যিসময়ত নিম্ন ৰুচিসম্পন্ন ৰাজনৈতিক কথা-বতৰাৰে নেতাসকলে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছে, তেনে সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এনেধৰণৰ অভয়বাণীয়ে দলীয় কৰ্মকৰ্তাসকলক উৎসাহিত কৰাৰ সমান্তৰালভাৱে সাধাৰণ ৰাইজকো আকৰ্ষিত কৰি তোলা পৰিলক্ষিত হয় ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে বিগত সময়ছোৱাত ৰাজ্যিক বিজেপিত আভ্যন্তৰীণ কন্দলে অস্বস্তিত পেলাই আহিছে ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দক । জিলা তথা তৃণমূল পৰ্যায়ৰ ক্ষোভৰ উদ্গীৰণ ঘটাও পৰিলক্ষিত হৈছে । উজনি-নামনি সৰ্বত্ৰে উমি উমি জ্বলিছে তৃণমূল কৰ্মীৰ ক্ষোভাগ্নি । আনহাতে, বহু ক্ষেত্ৰত ৰাজ্যিক নেতৃবৰ্গই এই অসন্তুষ্টি আঁতৰাবলৈ চেষ্টা কৰাৰ বিপৰীতে তেনে ধৰণৰ কোনো সংঘাত বিজেপিৰ অভ্যন্তৰত নাই বুলিও ক'বলৈ চেষ্টা কৰা দেখা গৈছে । তেনে ক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ বিজেপিৰ নেতা-কৰ্মীসকলে কেনেধৰণে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Patna Oppositions Meeting : পাটনাৰ বিৰোধী মহাসভালৈ নামাতিলে আজমলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.