ETV Bharat / state

Pathan Film Controversy: পাঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ - Bajrang Dal protest against Pathan

পাঠান বোলছবিক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ছবিখন চাইহে বিতৰ্কৰ কাৰণ ক’ব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰে(Minister Sanjay Kishan reacts on Pathan film) ৷

Minister Sanjay Kishan reacts on Pathan film
পাঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ
author img

By

Published : Jan 23, 2023, 2:19 PM IST

Updated : Jan 23, 2023, 2:25 PM IST

পাঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ

মৰাণ, 23 জানুৱাৰী: "ছবিখনৰ বিষয়ে মই বিশেষ জ্ঞাত নহয়, ছবিখনৰ যোগেদি কি বাৰ্তা দিব বিচাৰিছে মই চালেহে ক’ব পাৰিম ৷ ছবিতো ছবিয়েই ৷ এখিন ছবিৰ জৰিয়তে যিকোনো বাৰ্তা দিব পাৰি ৷ ছবিখনত থকা যোগাত্মক বাৰ্তাখিনি আমি গ্ৰহণ কৰিব লাগে ৷ যদি সময় সুবিধা হয় তেনেহ’লে মই ছবিখন চাম ৷ ছবিখন চালেহে মই ইয়াৰ বিষয়ে জানিম ৷ প্ৰকৃততে মই বহু বছৰ হ’ল তেনেকৈ ছবি চোৱাই নাই ৷ আজিকালি ফোনতো ছবি আহে ৷ তেনেকে আহিলে মই চাবলৈ সুবিধা হ’লে চাম ৷" বহু চৰ্চিত পাঠান বোলছবিৰ সন্দৰ্ভত এই মন্তব্য আগবঢ়ালে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Minister Sanjay Kishan on Pathan) ৷

বহু চৰ্চিত পাঠান বোলছবিক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পাঠানৰ টীজাৰ আৰু "বেচৰম ৰং" শীৰ্ষক গীতটোৰ মুক্তিৰ পিছতেই দেশৰ ভিন্ন প্ৰান্তত পাঠান বোলছবিক লৈ বিৰ্তক অসমতো অব্যাহত আছে । বোলছবিক লৈ প্ৰথমবাৰৰ বাবে অসমত সৃষ্টি হৈছে এই বিতৰ্ক। পাঠান হিন্দী বোলছবিক লৈ বিৰ্তক অব্যাহত থকা সময়তে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছবিখন নোচোৱাকৈ একো ক'ব পৰা নাযায়, চোৱাৰ পাছতহে সকলো ক'ব পাৰিম বুলি মন্তব্য প্ৰকাশ কৰে (Minister Sanjay Kishan reacts on Pathan film) ৷

উল্লেখ্য যে, অহা 25 জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব পাঠানে ৷ পাঠানক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ কৰিছিল (Bajrang Dal Protest Against Pathaan in Guwahati)। নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত বজৰং দলে পাঠানৰ পোষ্টাৰ পৰ্যন্ত ফালি জুইত জাপি দিয়াৰ লগতে পাঠান ছবি বৰ্জন কৰক, পাঠান চলিবলৈ দিয়া নহ’ব, হিন্দুৰ অপমান সহ্য কৰা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Bajrang Dal members burnt Pathan poster) ৷

বলীউডত ইছলাম ধৰ্মৰ টানি অনা বুলি অভিযোগ তুলি গেৰুৱা ৰঙক অপমান কৰা কাৰ্য সহি লোৱা নহ’ব বুলি কয় প্ৰতিবাদকাৰীসকলে (Bajrang Dal protest against Pathan) ৷ ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু ৰাষ্ট্ৰত হিন্দুক সন্মান কৰি চলিবই লাগিব বুলি তেওঁলোকে উল্লেখ কৰে (Bajrang Dal protest against Pathan) ৷

"বেচৰম ৰংগ" শীৰ্ষক গীতটিৰ ভিডিঅ’ মুকলি কৰাৰ পিছতেই গীতটিত দীপিকা পাডুকনে গেৰুৱাৰঙী পোচাক পৰিধান কৰাক লৈ একাংশ হিন্দুত্ববাদী দল-সংগঠন জাঙুৰ খাই উঠিছিল (Pathan controversy news) ৷ এয়া হিন্দুৰ প্ৰতি অপমান বুলি উল্লেখ কৰিছিল দল-সংগঠনৰ লোকসকলে ৷ অসমত প্ৰথম বাৰলৈ দেখা গৈছে এখন ছবিক লৈ এই পৰিবেশ। একাংশই পাঠান ছবি খনৰ বিৰোধিতা কৰিলেও শ্বাহৰুখ খানৰ অনুৰাগীয়ে ছবিখনক সমৰ্থন জনাইছে। ইতিমধ্যে ছবিখনৰ বহু টিকট মুক্তিৰ পূৰ্বে বিক্ৰীও হৈছে।

লগতে পঢ়ক: Shahrukh Khan called CM: নিশা দুই বজাত হঠাৎ হিমন্ত বিশ্ব শৰ্মালৈ শ্বাহৰুখ খানৰ ফোন

Last Updated : Jan 23, 2023, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.