ETV Bharat / state

Three Adarsha Vidyalaya in Dibrugarh:ডিব্ৰুগড়ত তিনিখনকৈ আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন - শিক্ষামন্ত্ৰী ৰণোজ পেগু

ডিব্ৰুগড়ত তিনিখনকৈ আদৰ্শ বিদ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিলে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে ৷

minister Ranoj Pegu inagurated Three Adarsha Vidyalaya
আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন
author img

By

Published : Jun 19, 2023, 6:30 PM IST

আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন

ডিব্ৰুগড়, 19 জুন : ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাতে আদৰ্শ বিদ্যালয় স্থাপন কৰি চাহ বাগিচা অঞ্চলৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰে । ৰাজ্য চৰকাৰে সৰ্বমুঠ ১১৮ খন আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে ৰাজ্যজুৰি ইয়াৰে অধিকাংশ বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে ৷

19 জুন, সোমবাৰে ডিব্ৰুগড়ত তিনিখনকৈ আদৰ্শ বিদ্যালয়ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে । উদ্বোধনী অনুষ্ঠানত ছাত্ৰীসকলে নিজৰ জনজাতীয় নৃত্যৰে শিক্ষামন্ত্ৰী গৰাকীক আগবঢ়াই আনে ৷ ডিব্ৰুগড়ৰ নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয়, ভিতৰ চাবুৱা আদৰ্শ বিদ্যালয় আৰু ৰোমাই আদৰ্শ বিদ্যালয় এই তিনিখন আদৰ্শ বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰে অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু ডাঙৰীয়াই ।

আদৰ্শ বিদ্যালয় তিনিখনৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, জিলা আয়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত স‍ংঘমিত্ৰা বৰুৱা, প্ৰশাসনিক বিষয়া আৰু বিভাগীয় বিষয়াসকল ৷ তেওঁলোকৰ সমান্তৰালকৈ আদৰ্শ বিদ্যালয় তিনিখনৰ শিক্ষক -শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল‌ো উপস্থিত থাকে ।

তিনিওখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্ধোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, আজি আৰু কাইলৈৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৯ খন আদৰ্শ বিদ্যালয় শুভাৰম্ভ কৰা হ'ব । নতুনকৈ আৰম্ভ কৰা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে । ই সমাজৰ বাবে নিশ্চয়কৈ শুভ বাৰ্তা কঢ়িয়াইছে ৷ এই আদৰ্শ বিদ্যালয় সমূহে চাহ বাগিচা অঞ্চল সমূহত আমূল পৰিৱৰ্তন আনিব বুলিও শিক্ষামন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক : Feliciation programme at Marigaon :মৰিগাঁৱত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.