ETV Bharat / state

সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰে মন্ত্ৰী ৰণজিৎ দাসৰ বৈঠক; সাময়িকভাৱে স্থগিত আন্দোলন - fair price dealers

FPS Strike : ৰেচন বিতৰণ বন্ধ কাৰ্যসূচী ঘোষণা কৰা পাছতেই ৰাজ্যৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে আলোচনাত বহে খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । দাবী সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ।

সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰে মন্ত্ৰী ৰণজিৎ দাসৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 7:27 PM IST

সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ দাবী পূৰণৰ আশ্বাস মন্ত্ৰী ৰণজিৎ দাসৰ

মৰাণ, ২৮ ডিচেম্বৰ : অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই কেইবাটাও দাবী পূৰণ নকৰাৰ ক্ষোভত আগন্তুক জানুৱাৰী মাহৰ পৰা ৰেচন বিতৰণ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল । সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে অসমতো ৰেচন সামগ্ৰী বিতৰণ বন্ধৰ হুংকাৰ দিছিল ।

অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই দীৰ্ঘদিন ধৰি কমিছন বৃদ্ধি, মাহেকীয়া পাৰিতোষিক ব্যৱস্থা কৰা লগতে আন কেইবাটাও দাবী পূৰণ কৰিবলৈ দাবী জনাই আহিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে । তাৰ পাছতে জানুৱাৰী মাহৰ পৰা অনিৰ্দিষ্টকালৰ বাবে চাউল উঠোৱা আৰু বিতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এই সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড়ত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয় । ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত বৃহস্পতিবাৰে খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হয় । বৈঠকত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ দ্বাৰা এই দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰি এই প্ৰতিবাদ উঠাই ল'বলৈ আহ্বান জনায় ।

আনহাতে, সুলভ মূল্যৰ ব্যৱসায়ীসকলে আগন্তুক মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি জানুৱাৰী মাহৰ সামগ্ৰী বিতৰণ কৰিব যদিও তেওঁলোকৰ দাবী সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ‌্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীৰ সন্মুখতে সকীয়নি প্ৰদান কৰে । এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে চৰকাৰে ব্যৱসায়ীসকলৰ দাবী কেনেদৰে পূৰণ কৰে বা দাবী পূৰণ নকৰিলে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই আগন্তুক দিনত কেনে কাৰ্যসূচী গ্ৰহণ কৰে ।

লগতে পঢ়ক :বৰাগাঁও হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিচতো আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.