ETV Bharat / state

Ranjit Kumar Das at Dibrugarh: পঞ্চায়তৰ কাৰ্যালয়সমূহ উন্নত হ'লেহে পঞ্চায়তৰ কামকাজ উন্নত হ'ব: গ্ৰামোন্নয়ন মন্ত্ৰী

author img

By

Published : Dec 8, 2022, 12:13 PM IST

পঞ্চায়ত কাৰ্যালয়সমূহৰ উন্নয় হ'লেহে পঞ্চায়তৰ কামকাজ উন্নত হ'ব বুলি মন্তব্য় গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Minister Ranjit Kumar Das)। ডিব্ৰুগড়ত আটকধুনীয়া নিৰ্মাণ কৰা মোহনবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়টো মুকলি কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।

Ranjit Kumar Das at Dibrugarh
পঞ্চায়ত কাৰ্যালয়ৰ উন্নয়ণ কৰিবলৈ আহ্বান

মৰাণ,৮ ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ মোহনবাৰী গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয়টোৰ বুধবাৰে শুভ উদ্ধোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Mohanbari gram panchayat office inaugurated)। মোহনবাৰী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জন বৰুৱাৰ কাৰ্যকালত প্ৰায় ৭৫ লাখ টকাৰে নিৰ্মাণ কৰা পঞ্চায়তৰ কাৰ্যালয়টো উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য় যে জিলাখনৰ ভিতৰতে প্ৰথমটো আটকধুনীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰিলে পঞ্চায়তখনৰ কৰ্তৃপক্ষই । মোহনবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়টো উদ্বোধন কৰি গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজ্যখনৰ ভিতৰত এটা ব্যতিক্ৰমী কাৰ্যালয় মুকলি কৰিবলৈ পাই ভাল লাগিল (Minister Ranjit Kumar Das in Dibrugarh) । ৰাজ্যৰ সকলো পঞ্চায়তৰ সভাপতি আৰু সচিবে নিজৰ কাৰ্যালয়সমূহ নিৰ্মাণৰ বাবে এইদৰে চেষ্টা কৰক । পঞ্চায়তৰ কাৰ্যালয়সমূহৰ উন্নয়ন হ'লেহে পঞ্চায়তৰ কামকাজ উন্নত হ'ব ।"

গাঁৱৰ ৰাইজৰ নিজৰ সমস্যাসমূহ লৈ পঞ্চায়তত উপস্থিত হ'লে যাতে মন ভাল লগা পৰিবেশ এটি দেখা পায় ৷ তেনে এক পৰিৱেশ সৃষ্টি কৰিবলৈ সকলোকে আহ্বান জনাই গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উদ্ধোধনী অনুষ্ঠানটোত স্থানীয় বিধায়ক বিনোদ হাজৰিকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনীন্দ্ৰ শৰ্মাৰ লগতে উপায়ুক্ত বিশ্বজিৎ পেগুসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ( MLA Vinod Hazarika) ।

লগতে পঢ়ক:Literary Pension to Bipul Bhattacharya: যুৱ প্ৰজন্মলৈ কি আহ্বান জনালে সাহিত‍্যিক পেঞ্চনাৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.