ETV Bharat / entertainment

তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ...জন্মবাৰ্ষিকীত স্ৰষ্টাক সশ্ৰদ্ধ স্মৰণ - Jayanta Hazarika Birth Anniversary - JAYANTA HAZARIKA BIRTH ANNIVERSARY

Jayanta Hazarika Birthday : আজি জয়ন্ত হাজৰিকাৰ 81 সংখ্যক জন্ম বাৰ্ষিকী ৷ 1943 চনৰ 20 ছেপ্টেম্বৰত জন্ম লাভ কৰা জয়ন্ত হাজৰিকা আছিল নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ নৱম সন্তান ৷ 34 বছৰ বয়সত অকালতে মৃত্যু হোৱা জয়ন্ত হাজৰিকাৰ গীতবোৰে আজিও শ্ৰোতাৰ মন-মগজুত খলকনি তোলে ।

Happy Birthday Jayanta Hazarika
জন্মবাৰ্ষিকীত সশ্ৰদ্ধ স্মৰণ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Sep 20, 2024, 11:07 AM IST

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : 1943 চনৰ 20 ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জন্ম হৈছিল গায়ক, সুৰকাৰ, সংগীত পৰিচালক তথা গীতিকাৰ জয়ন্ত হাজৰিকাৰ । ৰাণা দা হিচাপে পৰিচিত জয়ন্ত হাজৰিকাৰ আজি 81 সংখ্যক জন্ম বাৰ্ষিকী ৷ বহু কালজয়ী গীতৰ স্ৰষ্টা জয়ন্ত হাজৰিকাৰ জন্ম বাৰ্ষিকীত ইটিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰা জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি ৷

1943 চনৰ আজিৰ দিনটোতে মঙলদৈত এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই ৷ সংগীতময় পৰিৱেশৰ মাজতে ডাঙৰ-দীঘল হৈছিল তেওঁ ৷ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা গ্ৰহণ কৰা হাজৰিকাই 1962 চনৰ প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ কলিকতালৈ ৰাওনা হয় আৰু কলিকতাতে এইচ.এম.ভি. কোম্পানীত দুটি গীত বাণীবদ্ধ কৰে । শৈশৱৰ পৰাই সংগীতত ৰাপ থকাৰ বাবে মাত্ৰ 9 বছৰ বয়সতে প্ৰথম গানত সুৰ দিছিল ৷ জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ আছিল সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা ।

তেওঁ প্ৰথম সুৰ দিয়া গীতটি লিখিছিল ককায়েক নৃপেন হাজৰিকাই ৷ ক’বলৈ গ’লে জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন আৰম্ভ হৈছিল ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি । কিন্তু তেওঁৰ জীৱনত এনে এটা সময় আহে যিটো সময়তে তেখেতে ঘৰৰ পৰা মাত্ৰ 25 টকা লৈ নিৰুদ্দেশ হৈ পৰে ৷

ঘৰৰ পৰা কিয় নিৰুদ্দেশ হৈছিল জয়ন্ত হাজৰিকা ?

দৰাচলতে, 1962 চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই জয়ন্ত হাজৰিকাই ঘৰৰ পৰা 25 টকা লৈ নিৰুদ্দেশ হৈ পৰিছিল । ইফালে ঘৰৰ মানুহে তেওঁৰ চিন্তাত আৰক্ষীক খবৰ দিয়ে ৷ কেৱল ইমানেই নহয়, বাতৰি কাকততো নিৰুদ্দেশ হোৱা সন্দৰ্ভত বিজ্ঞাপন দিয়া হৈছিল । কিন্তু তাৰ এসপ্তাহমান পাচতহে গম পোৱা গৈছিল যে ৰাণা দা গৌৰীপুৰলৈ গৈছিল আৰু গৌৰীপুৰতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ তাৰ পাচত ঘৰলৈ উভতি আহিছিল ।

উল্লেখ্য যে, ১৯৬২ চনত তেওঁ কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত ‘‘আগলি বতাহে কঁপালে কলৰে পাত’’ আৰু ‘‘কৃষ্ণচূড়া কৃষ্ণচূড়া’’ নামৰ গীত দুটা বাণীবদ্ধ কৰে । এই গীত দুটিয়ে জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰাত সহায়ক ৰূপে পৰিগণিত হয় । কলকাতাৰ পৰা উভতি অহাৰ পিছতেই জয়ন্ত হাজৰিকাই ককায়েক ভূপেন হাজৰিকাক ‘‘মণিৰাম দেৱান’’ৰ সংগীত পৰিচলনাত সহায় কৰি দিয়ে ৷

সংগীত পৰিচালক হিচাপে কাম কৰি থকাৰ সময়তেই তেওঁ কেইবাটাও গীতত কণ্ঠদান কৰে ৷ ভূপেন হাজৰিকাৰ পৰিচালিত ছবি ‘‘চিকমিক বিজুলী’’ আছিল জয়ন্ত হাজৰিকাই ছবিৰ বাবে ৰচনা কৰা প্ৰথমটো গীত ৷ 1071 চনত ‘বনৰীয়া ফুল’ ছবিখনৰ জৰিয়তে জয়ন্ত হাজৰিকাই স্বাধীন সংগীত পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল ৷

জয়ন্ত হাজৰিকাৰ বৈবাহিক জীৱন

1969 চনৰ 4 আগষ্টত কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জয়ন্ত হাজৰিকা ৷ বিয়াৰ দুবছৰ পাছত তেওঁলোকৰ মাজলৈ আহে একমাত্ৰ সন্তান ময়ুখ হাজৰিকা ৷ 1971 চনৰ 13 জানুৱাৰীত জন্ম হৈছিল ময়ুখ হাজৰিকাৰ ৷

কেনেকৈ হৈছিল ৰাণা দাৰ মৃত্যু ?

1977 চনত 'নতুন আশা' বোলছবিখনৰ সংগীত ৰেকৰ্ড কৰিবলৈ কলিকতালৈ গৈছিল জয়ন্ত হাজৰিকা । কিন্তু তাত তেওঁ হঠাতে অসুস্থ হৈ পৰে আৰু 15 অক্টোবৰত মৃত্যুক সাৱটি লয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 34 বছৰ । তেখেতৰ মৃত্যু আছিল ৰহস্যজনক ৷ কলিকতাত কেনেকৈ মৃত্যু হৈছিল আৰু কি হৈছিল তেখেতৰ এই বিষয়ে বহুতৰে ভিন্ন মতামত ৷ আজিও জয়ন্ত হাজৰিকাৰ মৃত্যু এক ৰহস্য হৈ ৰ’ল ৷

লগতে পঢ়ক : প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই - Himanshu Prasad Das Joy Hanu man

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.