ETV Bharat / bharat

অনুচ্ছেদ 370 এতিয়া এক ইতিহাস; পাক মন্ত্ৰীৰ বক্তব্যক সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰ - Article 370

author img

By ANI

Published : 3 hours ago

Sukanta Majumdar over Article 370 : কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে কয় যে অনুচ্ছেদ ৩৭০ এতিয়া ইতিহাস । ই এতিয়া ভাৰতীয় সংবিধানত নাই । যিমানেই চেষ্টা নকৰক কিয়, দেশৰ জনসাধাৰণে ইয়াক কেতিয়াও ঘূৰাই আনিবলৈ নিদিব ।

Sukanta Majumdar over Article 370
কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰ (ANI Photo)

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফে অনুচ্ছেদ ৩৭০ সন্দৰ্ভত কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোঁটৰ স্থিতিক সমৰ্থন কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে কয় যে মানুহে যিমানেই চেষ্টা নকৰক কিয়, ভাৰতৰ জনসাধাৰণে এই ব্যৱস্থা ঘূৰাই আনিবলৈ নিদিব ।

"অনুচ্ছেদ ৩৭০ ইতিহাস আৰু এতিয়া ভাৰতীয় সংবিধানত নাই । মানুহে যিমানেই চেষ্টা নকৰক, ভাৰতৰ জনসাধাৰণে ইয়াক ঘূৰাই আনিবলৈ নিদিব ।" তেওঁ কয় । ইফালে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বৃহস্পতিবাৰে আচিফৰ বক্তব্যক 'দুৰ্ভাগ্যজনক' বুলি অভিহিত কৰি কয় যে কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰি আছে ।

"পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্যই প্ৰমাণ কৰে যে পাকিস্তান, কংগ্ৰেছ দল আৰু নেচনেল কনফাৰেন্সৰ একেই অভিপ্ৰায় আৰু কাৰ্যসূচী আছে । সেয়েহে ৰাহুল গান্ধীয়ে দেশবিৰোধী বিবৃতি দিয়ে, এয়াৰষ্ট্ৰাইক আৰু চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰে আৰু সেনাৰ বিষয়ে আপত্তিজনক মন্তব্য কৰে । এইটো অতি দুৰ্ভাগ্যজনক । আজি ৰাহুল গান্ধীৰ কংগ্ৰেছ পাকিস্তানৰ সৈতে থিয় হৈ আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই দেশৰ প্ৰধানমন্ত্ৰী । অনুচ্ছেদ ৩৭০ পুনৰ স্থাপিত নহ'ব বা সন্ত্ৰাসবাদ নাথাকিব । তেওঁলোকৰ (কংগ্ৰেছ, এন চি আৰু পাকিস্তান) পৰিকল্পনা কেতিয়াও সফল নহ'ব ।" চৌহানে সাংবাদিকৰ আগত কয় ।

আনহাতে, উধমপুৰ পশ্চিম বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৱন কুমাৰ গুপ্তায়ো পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে অনুচ্ছেদ ৩৭০ সন্দৰ্ভত কংগ্ৰেছ-এন চি মিত্ৰজোঁটৰ স্থিতিক সমৰ্থন কৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কংগ্ৰেছে কেতিয়াও কাশ্মীৰৰ জনসাধাৰণক বুজিব পৰা নাই ।

"কংগ্ৰেছ, পি ডি পি আৰু এন চিয়ে সদায় অনুচ্ছেদ ৩৭০ ৰ অপব্যৱহাৰ কৰি আহিছে... এখন ৰাষ্ট্ৰৰ ভিতৰত আন এখন ৰাষ্ট্ৰ থাকিব নোৱাৰে... তেওঁলোকৰ দাবী অপ্ৰাসংগিক । যিসকলে অনুচ্ছেদ 370 বাতিল কৰাৰ বাবে আটাইতকৈ বেছি অসুবিধাত পৰিছিল, তেওঁলোক আছিল চীন আৰু পাকিস্তান । যদি কংগ্ৰেছ আৰু এন চি একেটা কাৰণতে ইয়াৰ দ্বাৰা অসুবিধাত পৰে, তেন্তে ৰাজনীতিত এনে দলৰ কোনো স্থান নাই ।" গুপ্তাই কয় ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জিঅ' নিউজত জ্যেষ্ঠ সাংবাদিক হামিদ মীৰৰ সৈতে কেপিটেল টক নামৰ এক অনুষ্ঠানত হোৱা বাৰ্তালাপত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীক সোধা হৈছিল যে জম্মু-কাশ্মীৰত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ পুনৰুদ্ধাৰ সন্দৰ্ভত পাকিস্তান আৰু নেচনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁট একেটা পক্ষত আছে নেকি ?

ইয়াৰ উত্তৰত খাজা আচিফে কৈছিল, "নিশ্চিতভাৱে । আনকি আমাৰ দাবীও একে...।" পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে জম্মু-কাশ্মীৰত এন চি-কংগ্ৰেছ মিত্ৰজোঁট ক্ষমতালৈ আহিলে অনুচ্ছেদ ৩৭০ ঘূৰি আহিব পাৰে ।

"মই ভাবো এয়া সম্ভৱ । বৰ্তমান তাত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ যথেষ্ট গুৰুত্ব আছে । উপত্যকাটোৰ জনসাধাৰণ এই বিষয়টোত যথেষ্ট অনুপ্ৰাণিত হৈছে আৰু মই বিশ্বাস কৰো, কনফাৰেন্সে (নেচনেল কনফাৰেন্স) ক্ষমতালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । তেওঁলোকে জম্মু-কাশ্মীৰৰ স্থিতি পুনৰুদ্ধাৰ কৰিব লাগে বুলি এটা নিৰ্বাচনী বিষয় কৰি তুলিছে ।" আচিফে জিঅ' নিউজক কয় ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন; ভোটদানৰ হাৰ ৬১.১৩% - JK ASSEMBLY POLLS
লগতে পঢ়ক :মালদ্বীপলৈ 50 নিযুত আমেৰিকান ডলাৰ বাজেট সমৰ্থন ভাৰতৰ - India Maldives relations

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.