ETV Bharat / bharat

তিৰুপতি লাডু বিতৰ্ক; তিৰুমালাত পবিত্ৰতা অনাৰ প্ৰতিশ্ৰুতি চন্দ্ৰবাবুৰ - Tirupati Laddu Row

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Chandrababu Naidu on Tirupati Laddu : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰক তিৰুমালা মন্দিৰক অপবিত্র কৰা আৰু ভক্তসকলক নিম্নমানৰ খাদ্য পৰিৱেশন কৰি ইয়াৰ পবিত্ৰতা হ্ৰাস কৰাৰ অভিযোগ উত্থাপন কৰিছিল । লগতে তেওঁ ঘোষণা কৰে যে এক চেনিটাইজেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মন্দিৰৰ নৈবেদ্যত নিম্নমানৰ উপাদান ব্যৱহাৰ কৰাৰ বাবে দায়বদ্ধসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ।

Chandrababu Naidu on Tirupati Laddu
তিৰুমালাত পৱিত্ৰতা অনাৰ প্ৰতিশ্ৰুতি চন্দ্ৰবাবুৰ (ETV Bharat)

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত খাদ্য পৰিবেশনত পবিত্ৰতা প্ৰদানৰ লক্ষ্যৰে এক ব্যাপক চেনিটাইজেচন প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিছে । পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টী চৰকাৰৰ সময়ত ব্যৱহৃত নিম্নমানৰ উপাদানৰ অভিযোগৰ পিচত চন্দ্ৰবাবুৱে মন্দিৰৰ শ্ৰদ্ধাৰ 'প্ৰসাদম'ৰ বাবে উচ্চ মানসম্পন্ন আৰু সুৰক্ষাৰ গুণমান বজাই ৰখাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কয় যে ভক্তসকলক বিতৰণ কৰা খাদ্য পবিত্ৰ হ'ব ।

"আমি অনিয়ম সহ্য নকৰো আৰু আমাৰ প্ৰচেষ্টাই মন্দিৰৰ পবিত্ৰতা বজাই ৰখাটো নিশ্চিত কৰিব ।" তেওঁ কয় । লগতে নতুন প্ৰশাসনে ভক্তসকলক পৰিৱেশন কৰা সকলো খাদ্যৰ কঠোৰ পৰীক্ষা আৰু তদাৰক কৰিবলৈ আগবঢ়া বুলিও কয় ।

উল্লেখ্য যে, চন্দ্ৰবাবু নাইডুৱে অভিযোগ কৰিছিল যে শেহতীয়া অনুসন্ধানত 'প্ৰসাদম' প্ৰস্তুত কৰাত নিম্নমানৰ উপাদানৰ ব্যৱহাৰৰ কথা প্ৰকাশ পাইছে । তেওঁ এক প্ৰেছ বিজ্ঞপ্তিত কয়, "আমি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰৰ বিষয়ে যথেষ্ট প্ৰমাণ সংগ্ৰহ কৰিছো আৰু আমি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।"

চন্দ্ৰবাবুৱে ৰাজ্যিক সচিবালয়ত এখন আন্না কেণ্টিন উদ্বোধন কৰাৰ সময়ত এই মন্তব্য কৰে । এই আন্না কেণ্টিনে দৰিদ্ৰ লোকসকলৰ বাবে ৰাজসাহায্যযুক্ত আহাৰ আগবঢ়ায় ।

চন্দ্ৰবাবু নাইডুক সংগ দিয়া তথ্য-প্ৰযুক্তি মন্ত্ৰী নাৰা লোকেশে ৱাই এছ আৰ চি পি চৰকাৰক 'অন্নদানম' (বিনামূলীয়া খাদ্য সেৱা) আৰু প্ৰতিষ্ঠিত তিৰুপতি লাডুৰ গুণমান হ্ৰাস হোৱা বুলি অভিহিত কৰি গৰিহণা দিয়ে । লোকেশে দাবী কৰে যে পূৰ্বৰ প্ৰশাসনৰ সময়ত মন্দিৰৰ খাদ্য প্ৰদানক দুৰ্নীতিয়ে কলংকিত কৰিছিল, ভেজাল ঘিউৰ ব্যৱহাৰৰ অভিযোগৰ কথাও উল্লেখ কৰে ।

লোকেশে কয়, "এন ডি এ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে আমি ব্যৱস্থাটোৰ সংস্কাৰ আৰু অতীতৰ অনিয়ম প্ৰতিহত কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব থকা এজন নতুন কাৰ্যবাহী বিষয়া (ই অ') নিযুক্ত কৰিছো ।" তেওঁ উল্লেখ কৰে যে মন্দিৰত পৰিৱেশন কৰা সকলো খাদ্য-সামগ্ৰীৰ গুণমান নিশ্চিত কৰাৰ বাবে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে ঘিউ, চাউল আৰু পাচলিৰ ব্যাপক পৰীক্ষা ।

লোকেশে লগতে কয় যে ঘিউৰ নমুনাবোৰ বিশ্লেষণৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডৰ (National Dairy Development Board, NDDB) পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । লোকেশে দাবী কৰে, "ফলাফলবোৰে প্ৰসাদমৰ বাবে ব্যৱহৃত ঘিউত চৰ্বি, গোমাংস আৰু মাছৰ তেলৰ উপস্থিতি নিশ্চিত কৰিছে ।" তেওঁ পুনৰ কয় যে চন্দ্ৰবাবু নাইডুৰ প্ৰশাসন ভক্তসকলৰ বাবে খাদ্যৰ সৰ্বোচ্চ মান বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক :তিৰুপতি লাডুত জন্তুৰ চৰ্বি ! পৰীক্ষাগাৰৰ প্ৰতিবেদন প্ৰকাশেৰে টিডিপিৰ চাঞ্চল্যকৰ দাবী - Tirupati Laddu Controversy
লগতে পঢ়ক :তিৰুপতিৰ লাডুত জন্তুৰ চৰ্বি ! চন্দ্ৰবাবুৰ দাবী নাকচ ৱাই এছ আৰ চি পিৰ - Andhra CM on Tirupati Laddu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.