ETV Bharat / state

বগপৰা চাহ বাগিচা পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - Rameshwar Teli

ক’ভিড সম্পৰ্কে বাগিচাৰ শ্ৰমিক সকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ ৰাইজৰ কাষ চাপিল কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী (Rameshwar Teli) । ডিব্ৰুগড়ত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ লাহোৱালৰ বগপৰা চাহ বাগিচা (Bagpara Tea Estate)ত উপস্থিত হ'ল মন্ত্ৰীগৰাকী ৷

minister-rameshwar-teli-visited-tea-estate
বগপৰা চাহ বাগিচা পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
author img

By

Published : Jun 25, 2021, 9:08 AM IST

মৰাণ, 25 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত ক'ভিড আক্ৰান্তৰ হাৰ নিম্নগামী হৈছে যদিও ডিব্ৰুগড়ত অপৰিৱৰ্তিত হৈ আছে ক'ভিড পৰিস্থিতি ৷ দৈনিক আক্ৰান্ত হৈছে বহু লোক ৷ সান্ধ্য আইন শিথিল কৰাৰ পাচত পুনৰ বৃদ্ধি হ'বলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা ৷ সেয়েহে জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰতিদিনে উপস্থিত হৈছে মন্ত্ৰী-বিধায়ক ৷ জিলাখনৰ আন ঠাইৰ তুলনাত চাহ বাগিচাসমূহত ক'ভিডে ভয়ানক ৰূপ ধাৰণ কৰিছে ৷

তুলনামূলকভাৱে বহু কেইখন চাহ বাগিচাত প্ৰতিদিনে ক'ভিড ৰোগী চিনাক্ত হৈ আহিছে ৷ যাৰ ফলত বাগিচাৰ সকলো ব্যৱস্থাপনাই সলনি হৈ গ'ল ৷ ক'ভিডে বিধ্বস্ত কৰা বাগিচাসমূহৰ ভিতৰত অন্যমত এখন হ'ল লাহোৱালৰ বগপৰা চাহ বাগিচা (Bagpara Tea Estate) ৷ বৃহস্পতিবাৰে বাগিচাখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী (Rameshwar Teli) ৷

Minister Rameshwar Teli visited tea estate
বগপৰা চাহ বাগিচা পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ পৰিচালক উত্তম গগৈৰ সৈতে বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ বিভিন্ন সমস্যা আৰু চৰকাৰৰ দ্বাৰা বাগিচাত চলি থকা বিভিন্ন চৰকাৰী আঁচনি সমূহৰ সঠিকভাৱে ৰূপায়ণ হৈছেনে নাই সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰে । এই আলোচনাত মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড় জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা অসম গেছ কোম্পানীৰ উপাধক্ষ্য ইন্দ্ৰ গগৈ, চাহ মৰ্চাৰ জিলা সভাপতি পনব তাঁতীৰ লগতে বাগিচা খনৰ বহু কেইজন বিষয়া উপস্থিত থাকে।

উল্লেখ্যে যে, ৰেড জ'ন(red zone) হিচাপে চিহ্নিত হৈ থকা ডিব্ৰুগড়ৰ শেহতীয়া ক'ভিড (covid) পৰিস্থিতি মুঠেও নিয়ন্ত্ৰণলৈ নহাত ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ থকাৰ সময়তো ডিব্ৰুগড়ৰ এনে পৰিস্থিতি নিয়ন্ত্ৰণত জিলা তথা আৰক্ষী প্ৰশাসন বিফল হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিশেষকৈ ডিব্ৰুগড়ৰ চহৰৰ নতুন বজাৰ, মিলন নগৰ ইত্যাদি ঠাইত সান্ধ্য আইন শিথিল হোৱাৰ লগে লগে বজাৰ কৰিবলৈ ওলাই আহে একাংশ লোক ৷

ৰাজ্যখনৰ বহু জিলাৰ ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও ডিব্ৰুগড় জিলাৰ মৰাণৰ ক'ভিড পৰিস্থিতি আজিও ভয়ানক হৈ থকাত বুধবাৰেও মৰাণত উপস্থিত হৈ ক'ভিড পৰিস্থিতিক লৈ শংকা প্ৰকাশ কৰিছিল মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে । মৰাণ সমষ্টিৰ বিশেষকৈ হালধিবাৰী পঞ্চায়ত আৰু ধেমেচী গাঁও পঞ্চায়তত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাত ক'ভিড নীতি নিয়ম মানি সজাগ হৈ থাকিবলৈ আহ্বান জনাইছিল বিধায়কগৰাকীয়ে । লগতে আগন্তুক 15 টা দিন ৰাইজে আৰু অধিক সজাগ হৈ থাকিলেহে ক'ভিডক জয় কৰিব পাৰিব বুলিও উল্লেখ কৰিছিল বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: ক'ভিডক লৈ অধিক সজাগ হোৱাৰ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.