ETV Bharat / state

Minister Pijush Hazarika in Dibrugarh: কেইবাটাও বান প্ৰতিৰোধ আঁচনি পৰিদৰ্শন পীযুষ হাজৰিকাৰ - বান প্ৰতিৰোধ আঁচনিৰ কামৰ পৰিদৰ্শন

ডিব্ৰুগড়ত মথাউৰি-বান প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Water Resources Minister Pijush Hazarika) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ কাম দ্ৰুতগতিত চলিছে বুলিও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

Minister Pijush Hazarika inspected flood prevention scheme in Dibrugarh
ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকা
author img

By

Published : Jan 30, 2023, 2:20 PM IST

ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকা

ডিব্ৰুগড়, 30 জানুৱাৰী: দেওবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হয় ডিব্ৰুগড়ত (Water Resources Minister Pijush Hazarika) ৷ ডিব্ৰুগড়ত উপস্থিত হৈ নিৰ্মীয়মান মথাউৰি আৰু বান প্ৰতিৰোধ আঁচনিৰ কামৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

ৰহমৰীয়াত ১৫ কোটি ৩৫ লাখ টকা ব্যয়ৰে বান প্ৰতিৰোধৰ বাবে লোকাচনীৰ পৰা লিটিং গাঁৱলৈ নিৰ্মাণ কৰি থকা হৈছে এখনি বান প্ৰতিৰোধী আঁচনি ৷ এই নিৰ্মীয়মান বান প্ৰতিৰোধী আঁচনিখন পৰিদৰ্শন কৰাৰ পাছতে উপস্থিত হয় মাইজানত (Minister Pijush Hazarika in Dibrugarh)।

৪৬ কোটি ৬৬ লাখ টকা ব্যয় সাপেক্ষে নগাঘূলীৰ পৰা অ'কলেণ্ডৰ মথাউৰীৰ পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে ডিব্ৰুগড় জিলাৰ বহু কেইটা স্থানত বুঢ়ীদিহিং নদীৰ অৱবাহিকাত বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে নিৰ্মীয়মান প্ৰতিৰোধৰ বান্ধ আৰু মথাউৰি পৰ্যবেক্ষণ কৰে (Pijush Hazarika inspected flood prevention scheme)।

উল্লেখ্য যে মাইজানত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাত সমগ্ৰ ডিব্ৰুগড় চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । অসম চিকিৎসা মহাবিদ্যালয়, বায়ু সেনা শিৱিৰ, ডিব্ৰুগড় বিমান বন্দৰৰ প্ৰতিও অশনি সংকেত কঢ়িয়া আনিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগক তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক: State Cabinet Meeting: আজি ডিব্ৰুগড়ত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট

ইয়াৰ পাছতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই বৃহৎ পেকেজৰ কামৰ শুভাৰম্ভ কৰিছিল । আজি মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাইও অংশগ্ৰহণ কৰে । আনহাতে মন্ত্ৰী গৰাকীয়ে মথাউৰি-বান প্ৰতিৰোধ আঁচনি সমূহ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয়, জলসম্পদ বিভাগৰ সকলো কাম পূৰ্ণগতিত চলিছে ।

লগতে তেওঁ কয় যে এপ্ৰিল-মে মাহৰ ভিতৰত ডিব্ৰুগড়ত মথাউৰি-বান প্ৰতিৰোধ আঁচনিৰ কাম সম্পূৰ্ণ হ’ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সকলো কাম এতিয়া পূৰ্ণগতিত চলিছে । এতিয়া জলসম্পদ বিভাগৰ ঠিকাদাৰ সকলেও কাম ভালদৰে কৰিছে । কাম ভালদৰে সম্পূৰ্ণ হ’বলৈ ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনালে মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

লগতে পঢ়ক: Congress AIUDF alliance: কংগ্ৰেছ এ আই ইউ ডি এফক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.