ETV Bharat / state

দুৰ্নীতিৰ অভিযোগ লাভৰ পাছতে বিভাগীয় তদন্তৰ ঘোষণা মন্ত্ৰী যোগেন মহনৰ - revenue department

দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ দিবলৈ এটা হোৱাটছ এপ নম্বৰ মুকলি কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে । তেওঁৰ বিভাগত হোৱা দুৰ্নীতিৰ বিষয়ে হোৱাটছ এপ যোগে ৰাইজে অৱগত কৰিব পাৰিব মন্ত্ৰীগৰাকীক । সেয়ে দুৰ্নীতি সংঘটিত কৰাৰ পৰা আঁতৰত থাকিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক সকীয়াই দিয়ে ।

Minister Jogen Mohan warned corrupt officers
দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Jul 7, 2021, 2:25 PM IST

মৰাণ, ৭ জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন । দুৰ্নীতিগ্ৰস্ত বিষয়াক নাকী লগাবলৈ সাজু মন্ত্ৰীগৰাকী । দুৰ্নীতিক সমূলঞ্চে নোহোৱা কৰাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ বিভাগত হোৱা যিকোনো দুৰ্নীতিৰ বিষয়ে এতিয়াৰে পৰা ৰাইজে পোনপটীয়াকৈ মন্ত্ৰীগৰাকীক জনাব পাৰিব । ৰাইজৰ সুবিধাৰ্থে তেওঁ এটা হোৱাটছ এপ নম্বৰ মুকলি কৰিছে । তেওঁৰ নিজা ফেচবুক পেজত হোৱাটছ এপ নম্বৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে ।

Minister Jogen Mohan warned corrupt officers
দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ মন্ত্ৰী যোগেন মহনৰ

মন্ত্ৰীজনে ৰাইজৰ জ্ঞাতাৰ্থে জনায় যে, এতিয়াৰে পৰা যিকোনো ধৰণৰ অভিযোগ বা তেওঁৰ বিভাগত তেওঁৰ অজানিতে হৈ থকা যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে মন্ত্ৰীজনক পোনপটীয়াকৈ হোৱাটছ এপৰ জৰিয়তে জনাব পাৰিব । ৯৩৯৪৯-৩৯০৫৫ নম্বৰত হোৱাটছ এপযোগে বাৰ্তা প্ৰেৰণ কৰি দুৰ্নীতি সম্পৰ্কীয় অভিযোগ বা পৰামৰ্শ মন্ত্ৰীজনক পোনপটীয়াকৈ দিব পাৰিব । এই অভিযোগ বা পৰামৰ্শ মন্ত্ৰীজনে নিজেই নিৰীক্ষণ কৰিব বুলি সদৰী কৰিছে ।

মন্ত্ৰীজনৰ অধীনষ্ঠ বিভাগকেইটা অধিক স্বচ্ছ, নিকা তথা গতিশীল কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাখনে দুৰ্নীতি, ভ্ৰষ্টাচাৰমুক্ত এখন অসম গঢ়িবলৈ সক্ষম হ'ব বুলিও তেওঁ পোষ্টটোত উল্লেখ কৰে । ইতিমধ্যে বহুকেইটা অভিযোগ লাভ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

এই অভিযোগৰ ভিত্তিত কেইবাটাও বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে । শীঘ্ৰে ইয়াৰ ফলাফল অভিযোগকাৰীয়ে লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে । মন্ত্ৰীজনৰ বিভাগত হোৱা যি কোনো দুৰ্নীতি সন্দৰ্ভত অভিযোগ দিবলৈ ৰাজহুৱাকৈ আহ্বান জনাইছে মন্ত্ৰীজনে ।

ইফালে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত হোৱা দুৰ্নীতিৰ ক'লা অধ্যায় সময়ে সময়ে উন্মোচিত হৈ আহিছে । বিভাগীয় মন্ত্ৰীসকলে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে দুৰ্নীতিমুক্ত নিকা ব্যৱস্থা আৰম্ভ হোৱাত সহায়ক হ'ব বুলি আশা কৰিছে ৰাইজে । আনহাতে, ৰাজহ মন্ত্ৰীগৰাকীৰ এই মুকলি আহ্বানে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ চকুৰ টোপনি হৰিছে ।

লগতে পঢ়ক: ধনশিৰিত ড্ৰাগছসহ আটক ৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.