ETV Bharat / state

নতুন দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় : যোগেন মহন

author img

By

Published : Dec 17, 2020, 12:33 PM IST

2021 ৰ নিৰ্বাচনত পূৰ্বতকৈও বেছি ভোটত জয়লাভ কৰিব বুলি নিশ্চিত মন্ত্ৰী যোগেন মহন ৷ মৰাণত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী মহনৰ মন্তব্য নতুন দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ উজনি অসমত কংগ্ৰেছ প্ৰায় শূণ্য হৈ পৰিছে বুলিও মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

minister jogen mohan reacts to emergence of new political parties in assam
নতুন দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় : যোগেন মহন

মৰাণ, 17 ডিচেম্বৰ: "দল খোলাৰ অধিকাৰ সকলোৰে আছে, নতুন দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়", 'কা' আন্দোলনৰ পাছতে ৰাজ্যত আত্মপ্ৰকাশ কৰা দুই নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰিছে অসম চৰকাৰৰ ৰাজহ আৰু ৰাজ্যিক গড়কাপ্টানী মন্ত্ৰী যোগেন মহনে ৷ বুধবাৰে মৰাণৰ এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰাৰ লগতে এইবুলিও কয় যে অনাগত নিৰ্বাচনত বিজেপিয়ে পূৰ্বতকৈও অধিক ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিব ৷

উজনি অসমত কংগ্ৰেছ প্ৰায় শূণ্য হৈ পৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ

চৰকাৰে কৰা কামক লৈ ৰাইজ সম্পূৰ্ণৰূপে সন্তুষ্ট আৰু সেয়ে প্ৰতিদিনেই অন্য দলৰ লোকে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ ভাৰতীয় জনতা পাৰ্টীয়ে ক'তো দুৰ্নীতি হ'বলৈ দিয়া নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে উজনি অসমত কংগ্ৰেছৰ ভেটি প্ৰায় শূণ্য হৈ পৰিছে বুলিও মন্তব্য কৰে ৷ তেওঁ কয় যে কংগ্ৰেছৰ জনপ্ৰিয়তা উজনি অসমত একেবাৰেই হ্ৰাস পাইছে ৷ আনকি কংগ্ৰেছে এতিয়া সংখ্যালঘু লোকসকলৰো সমৰ্থন নোপোৱা হৈছে ৷

উল্লেখ্য যে বুধবাৰৰ পৰা শিৱসাগৰত দুদিনীয়াকৈ অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈছে আৰু 2021 চনৰ জানুৱাৰী মাহৰ প্ৰথম মাহতে মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনখন অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: টাই আহোম যুৱ পৰিষদৰ দুই ফৈদৰ মাজত তুংগত উঠিছে সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.