ETV Bharat / state

স্বচ্ছ নিযুক্তিয়ে ৰাজ্য প্ৰশাসনক অধিক শক্তিশালী কৰাৰ আশা মন্ত্ৰী মহনৰ - Minister Jogen Mohan

ৰাজ্যৰ ২৪ খন জিলাত আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা । স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াই ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলি আজি মৰাণত মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan React on Recruitment examination)৷

Minister Jogen Mohan React on Recruitment examination in moran
স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলি মন্তব্য মন্ত্ৰী যোগেন মোহনৰ
author img

By

Published : Aug 21, 2022, 10:01 PM IST

মৰাণ, 21 আগষ্ট: আজি ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা (Recruitment examination in Assam)। ৰাজ্যৰ ২৪ খন জিলাত এই লিখিত পৰীক্ষা অনুষ্ঠিত হয় । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা ভাগত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হৈ যায় ।

উল্লেখ্য যে, অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে 24 খন জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয় । ৰাজ্যৰ কেইবা হাজাৰ নিবনুৱাই অংশগ্ৰহণ কৰা এই নিযুক্তি পৰীক্ষা সতৰ্কতাৰে আৰু পৰীক্ষাৰ সময়ত যাতে কোনো অশুভ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে ।

স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলি মন্তব্য মন্ত্ৰী যোগেন মোহনৰ

চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক শক্তিশালী কৰিব । যোগ্যজনক উপযুক্ত স্থানত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি নিবাৰণৰ বাবে এটা কঠোৰ পদক্ষেপ দাঙি ধৰিছে । এই নিযুক্তিৰ পাছতে ৰাজ্য চৰকাৰ আৰু প্ৰশাসন অধিক আগবাঢ়ি যাব" (Minister Jogen Mohan React on Recruitment examination)।

লগতে পঢ়ক: ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.